ইণ্টাৰনেশ্যনেল ডেস্ক,17 ডিচেম্বৰ : টুইটাৰযোগে ক’ভিড-19ৰ ভেকচিন সন্দৰ্ভত প্ৰচাৰ কৰা সকলো ভুৱা তথ্য টুইটাৰ চাইটৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এপটোৰ কৰ্তৃপক্ষই ৷
টুইটাৰত ক’ভিড মহামাৰী ভুৱা বুলি প্ৰচাৰ হোৱা বাতৰিও চাইটৰ পৰা আঁতৰোৱা হ’ব ৷ এই ভুৱা তথ্যই মানুহক ক্ষতি কৰিব পাৰে বুলি টুইটাৰ কৰ্তৃপক্ষই সদৰি কৰে ৷
বুধবাৰে এক ব্লগপ’ষ্টযোগে টুইটাৰ কৰ্তৃপক্ষই কয় যে, আগন্তুক সপ্তাহত টুইটাৰ এপ সন্দৰ্ভত নতুন কিছুমান নীতি নিৰ্ধাৰণ কৰা হ’ব ৷ যদি টুইটাৰ একাউণ্টৰ গৰাকীয়ে হিংসাত্মক টুইট প্ৰচাৰ কৰে, তেন্তে দ্বিতীয়টো টুইট কৰাৰ পূৰ্বে কৰ্তৃপক্ষই পূৰ্বৰ টুইটটো আঁতৰাই পেলাব ৷
আগন্তুক বৰ্ষৰ আৰম্ভণিৰ পৰা টুইটাৰ কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰিব ৷ যিহেতু আমেৰিকাৰ লগতে অন্য দেশতো ক’ভিড-19ৰ ভেকচিন উপলব্ধ হৈ আছে, সেয়েহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
টুইটাৰৰ সান্তৰালকৈ ফেচবুক আৰু ইউটিউবেও শীঘ্ৰেই এই পদক্ষেপ গ্ৰহণ কৰাৰ ঘোষণা কৰিছে ৷
লগতে পঢ়ক : মুখৰ মাস্ক আঁতৰাই শিশু হাস্পতালৰ স্বাস্থ্য বিধি উলংঘন মেলানিয়া ট্ৰাম্পৰ