ETV Bharat / international

নেপালত 28 স্থানত একেলগে বোমাতংক - ইটিভি ভাৰত অসম

নেপালত মঙলবাৰে সন্দেহজনক মোনাক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতিৰ ৷ দেশখনৰ বিভিন্ন স্থানত প্ৰায় একে সময়তে উদ্ধাৰ হয় 28টা সন্দেহজনক মোনা ৷

নেপালত 28 স্থানত একেলগে বোমাতংক
author img

By

Published : Jun 25, 2019, 4:15 PM IST

নিউজ ডেস্ক, 25 জুনঃ বিভিন্ন স্থানত উদ্ধাৰ হোৱা 28 খন সন্দেহজনক মোনাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয় নেপালত ৷ মঙলবাৰে ৰাতিপুৱাৰ ভাগতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ 28টাকৈ স্থানৰ পৰা কোনো অচিনাকী লোকে সন্দেহজনক বেগৰ অৱস্থিতিৰ বিষয়ে নেপাল আৰক্ষীক জনায় ৷ এই ঘটনাৰ পিচতেই সমগ্ৰ দেশখনত মুহূৰ্তৰ ভিতৰতে বোমাতংকৰ শংকা বিয়পি পৰে ৷

EtvBharatAssam
নেপালত 28 স্থানত একেলগে বোমাতংক

ৰাষ্ট্ৰখনৰ কাঠমাণ্ডু উপত্যকাৰ কীৰ্তিপুৰ আৰু জাৱালাখেল অঞ্চলত উদ্ধাৰ হয় সন্দেহজনক বেগকেইটা ৷ অৱশ্যে নেপাল আৰক্ষীৰ মুখপাত্ৰ বিশৌৰাজ পোখৰেলে প্ৰকাশ কৰা অনুসৰি জনসাধাৰণৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি কৰিবলৈয়ে এইদৰে বেগসমূহ ৰখা হৈছিল ৷

EtvBharatAssam
নেপালত 28 স্থানত একেলগে বোমাতংক

উল্লেখ্য যে, এমাহ পূৰ্বে নেপালৰ কাঠমাণ্ডুত সংঘটিত হোৱা এক বিষ্ফোৰণত চাৰিগৰাকী লোক নিহত হোৱাৰ লগতে ন গৰাকী লোক আহত হৈছিল ৷ কমিউনিষ্ট পাৰ্টী অৱ নেপালৰ দ্বাৰাই মে মাহৰ 26 তাৰিখে এই বিষ্ফোৰণ সংঘটিত কৰিছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.