ETV Bharat / international

বিৰোধীৰ দাবীত পি টি আই চৰকাৰে পদত্যাগ নকৰে - শ্বাহ মহম্মদ কুৰেশী - PDM

বিৰোধীৰ দাবীত পি টি আই চৰকাৰে পদত্যাগ নকৰে । পূৰ্বে ৩১ ডিচেম্বৰত পি ডি এমে বিধানসভাৰ পৰা পদত্য়াগ কৰাৰ ঘোষণা কৰিছিল । কিন্তু পৰৱৰ্তী ইয়াৰ সময় উকলি গৈছে বুলি কয় পাক বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশীয়ে ১১ টাকৈ বিৰোধী মিত্ৰজোঁটে অহা ৩১ জানুৱাৰীৰ ভিতৰত ইমৰাণ খানৰ পদত্যাগৰ দাবী জনাই আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে ।

পাক বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশী
পাক বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশী
author img

By

Published : Jan 3, 2021, 2:26 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ৩ জানুৱাৰী : তেহৰিক-ঈ-ইনচাফ চমুকৈ পি টি আই চৰকাৰৰ পাক-প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পদত্যাগৰ দাবী অধিক তীব্ৰতৰ কৰি তোলে পাকিস্তান ডেমক্ৰেটিক মুভমেন্ট চমুকৈ পি ডি এমে । শনিবাৰে পাক বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশীয়ে বিৰোধী দলৰ দাবীক নস্যাৎ কৰি ৩১ জানুৱাৰীত ইমৰাণ খানে পদত্যাগ গ্ৰহণ নকৰাৰ কথা জনায় । বিধানসভাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে ইমৰাণ খানৰ । তেনেক্ষেত্ৰত বিৰোধী দলৰ দাবীত কিয় পদত্যাগ দিব বুলিও কয় কুৰেশীয়ে ।

উল্লেখ্য যে, পি টি আইৰ জ্যেষ্ঠ উপাধ্যক্ষ শ্বাহ মহম্মদ কুৰেশীয়ে সংবাদ মাধ্যমৰ আগত কয় য়ে ১১ টাকৈ বিৰোধী মিত্ৰজোঁটে অহা ৩১ জানুৱাৰীৰ ভিতৰত ইমৰাণ খানৰ পদত্যাগৰ দাবী জনাই আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে । পূৰ্বে ৩১ ডিচেম্বৰত পিডিএমে বিধানসভাৰ পৰা পদত্য়াগ কৰাৰ ঘোষণা কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ সময় উকলি যায় । ইয়াৰোপৰি আগন্তুক উপ-নিৰ্বাচন আৰু চিনেট নিৰ্বাচনত বিৰোধী পিডিএমে প্ৰতিদ্বন্দিতা আগবঢ়াব ।

পিডিএমে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা সন্দৰ্ভত পাকিস্তান মুছলীম লীগ নৱাজৰ উপ সভাপতি মৰিয়ম নৱাজে কয় যে পিডিএমে সৰ্বসন্মতি অবিহনে উচ্চ সদন নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগ নবঢ়ায় । ইফালে শুকুৰবাৰে বিৰেধী পক্ষৰ আন্দোলনে কেৱল ইমৰাণ খান নেতৃত্বাধীন চৰকাৰখনত প্ৰভাৱ পৰাৰ উপৰিও তেওঁৰ দলৰ সমৰ্থকসকলৰ ওপৰতো প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে পিডিএমৰ প্ৰধান মৌলানা ফজলুৰ ৰহমানে । লগতে বিস্তৃত আলোচনাৰ অন্তত আগন্তুক উপ-নিৰ্বাচনত পিডিএমে প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু চিনেট নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা এই মূহুৰ্তলৈ স্পষ্ট হোৱা নাই বুলি জানিবলৈ দিয়ে ৰহমানে ।

উল্লেখ্য যে, ৰাৱলপিণ্ডিত অনুষ্ঠিত পিডিএমৰ এক বৈঠকত পিডিএমৰ প্ৰধান ৰহমানে পূৰ্বৰ তুলনাত পিডিএম শক্তিশালী হৈ উঠিছে । ইমৰাণ নেতৃত্বাধীন চৰকাৰখনৰ পৰা মুক্তি পোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে । বিৰোধী সাংসদসকলৰ পদত্যাগ মিত্ৰদলৰ তৰফৰ পৰা ইতিমধ্যে ৩১ ডিচেম্বৰত দলৰ নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে বুলি কয় ।

লগতে পঢ়ক: আফগানিস্তানত তালিবানে অপহৰণ কৰিলে পৰ্যটকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.