ETV Bharat / international

বিবাদমান গিলগিট-বাল্তি​স্তান নিৰ্বাচনত পি টি আইৰ অগ্ৰগতি - পি টি আইৰ অগ্ৰগতি

অনানুষ্ঠানিক ফলাফল অনুসৰি গিলগিট-বাল্তি​স্তান বিধানসভা নিৰ্বাচনত পাকিস্তান-তেহৰিক-ই-ইঞ্চাফে ২৪ টা সমষ্টিৰ ভিতৰত ৮ টাত আগবাঢ়ি আছে । দেওবাৰে পুৱা ৮ বজাৰ পৰা আবেলি ৫ বজালৈকে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় ।

বিবাদমান গিলগিট-বাল্তি​স্তান নিৰ্বাচন
বিবাদমান গিলগিট-বাল্তি​স্তান নিৰ্বাচন
author img

By

Published : Nov 16, 2020, 5:05 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ নৱেম্বৰ: সমস্যা জৰ্জৰিত গিলগিট-বাল্তি​স্তান নিৰ্বাচনত সোমবাৰে পুৱা ৯ বজালৈকে ইমৰাণ খান নেতৃত্বাধীন পাকিস্তান-তেহৰিক-ই-ইঞ্চাফে অগ্ৰগতি লাভ কৰিছে বুলি অনানুষ্ঠানিকভাৱে জানিব পৰা গৈছে ৷ ২৪ টা বিধানসভা সমষ্টিৰ ভিতৰত ৮ টা সমষ্টিত আগবাঢ়ি আছে পাকিস্তান-তেহৰিক-ই-ইঞ্চাফ । জিঅ' নিউজৰ মতে, ৰাজা মহম্মদ জাকাৰিয়া খানে ৫,২৮৮ টা ভোটৰ ব্যৱধানত জিবিএ-৭, স্কাৰ্ডু-১ য়ে সমষ্টিত জয় লাভ কৰিছে ।

চৈয়দ আমজাদ আলীয়ে জিবিএ-১১, খৰমাং সমষ্টিত ৬,৬১২ টা ভোটত, ছেমুৱেল হক ল'নে জি বি এ-১৪, এষ্ট'ৰ-২ সমষ্টিত ৫,৪১৮ টা ভোটত আৰু ৰাজা আজম খানে জি বি এ-১২, শ্বিঘাৰ সমষ্টিত ১০,৩৪৯টা ভোটত বিজয়ী হোৱাৰ বাতৰি অনানুষ্ঠানিকভাৱে প্ৰকাশিত হৈছে। আনহাতে, ৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে অনানুষ্ঠানিকভাৱে জয়ী হৈছে। জিঅ' নিউজে প্ৰকাশ কৰিছে যে, পাকিস্তান পিপুলছ পাৰ্টীয়ে ৫ টা সমষ্টিত আগবাঢ়ি আছে।

জামিল আহমেদে জি বি এ-২, গিলগিট সমষ্টিত ৬,৮৪৮টা ভোটত, মহম্মদ ইছমাইলে জি বি এ-২৪, ঘাঁচি-৩ সমষ্টিত ৬২০৪টা ভোটত আৰু আমজাদ হুছেইনে জি বি এ-১, গিলগিট -১ সমষ্টিত ১১,১৭৮টা আৰু জি বি এ-৪, নগৰ-১ সমষ্টিত ১১,১৭৮টা ভোটত আগবাঢ়ি আছে। অনানুষ্ঠানিক ফলাফল মতে মজলিছ ৱাহদট-ই-মুছলিমিন প্ৰাৰ্থীয়ে জি বি এ-৮, স্কাৰ্ডু-২ সমষ্টিত জয়লাভ কৰিছে।

দ্য পাকিস্তান মুছলিম লীগ-নৱাজে দুটা সমষ্টিত আৰু জমিয়ত-ওলেমা-ই-ইছলামে এটা সমষ্টিত আগবাঢ়ি আছে। এই নিৰ্বাচনী ক্ষেত্ৰত পাকিস্তান চৰকাৰে অবৈধভাৱে দখল কৰাৰ অভিযোগ তুলি পাগিলগিট-বাল্তিস্তানৰ জনতাই নিৰ্বাচনৰ বিৰোধিতাও কৰিছিল। শাসকীয় দল পাকিস্তান-তেহৰিক-ই-ইঞ্চাফৰ প্ৰাৰ্থীক অযোগ্য বুলি ঘোষণা কৰি নিৰ্বাচন ৰদ কৰিবলৈও দাবী জনাইছিল পাকিস্তান পিপুলছ পাৰ্টীয়ে।

দলৰ অধ্যক্ষ বিলাবল ভূট্ট' জৰ্দাৰীয়ে বিগত এসপ্তাহ ধৰি সেই স্থানতে বাহৰ পাতিছে আৰু কৈছে যে, নিৰ্বাচনী আয়োগে এয়া সুনিশ্চিত কৰা উচিত যে সকলোৱে যাতে ভোটদানৰ সুযোগ লাভ কৰে আৰু সেই ভোট গণনা কৰা হয়। জিঅ' নিউজৰ মতে, পি পি পিৰ চিনেটৰ স'ৰী ৰহমানেও ২০২০ বৰ্ষৰ গিলগিট-বাল্তিস্তান নিৰ্বাচনত মহিলাৰ ভোটদানত বাধা আৰোপ কৰা বিষয়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।

লগতে পঢ়ক:ইথিওপিয়াত সন্ত্ৰাসবাদী আক্ৰমণত নিহত 34 বাছ আৰোহী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.