ETV Bharat / international

পাকিস্তানৰ পিডিএমৰ ৰেলীক ‘ঠগ’ আখ্যা বিৰোধী দলৰ নেতাৰ - শ্বিব্লি ফাৰাজ

পাকিস্তান ডেম’ক্ৰেটিক মুভমেণ্টক সমালোচনা পাকিস্তান চৰকাৰৰ ৷ লুটি নিয়া সম্পত্তি ৰক্ষা কৰিবলৈ অনুমতি প্ৰদান কৰা নহ’ব বুলি পিডিএমক সকীয়নি মন্ত্ৰী শ্বিব্লি ফাৰাজৰ ৷

Pak govt shaken up by PDM's third rally, calls opposition leaders 'thugs'
পাকিস্তানৰ পিডিএমৰ ৰেলীক ‘ঠগ’ আখ্যা দিয়ে বিৰোধী দলৰ নেতাৰ
author img

By

Published : Oct 26, 2020, 10:16 AM IST

নিউজ ডেস্ক, 26 অক্টোবৰ : 11-দলীয় সংযুক্ত মিত্ৰজোঁটৰ তৃতীয়খন ৰেলীত জোকাৰণি পাকিস্তান ডেম’ক্ৰেটিক মুভমেণ্টৰ ৷ কুৱেটাত দেওবাৰে পাকিস্তান চৰকাৰে পিডিএমক সমালোচনা কৰি কয় যে,কোনো লুটি নিয়া সম্পত্তি ৰক্ষা কৰিবলৈ অনুমতি প্ৰদান কৰা নহ’ব ৷

ৰেলীৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য মন্ত্ৰী শ্বিব্লি ফাৰাজে দেওবাৰে ঘোষণা কৰি কয় যে, "কোনো বস্তু ৰাজ্যতকৈ ওপৰত নহয় ৷"

পিডিএমে শত্ৰুসকলকো পথ দেখুৱাইছে ৷ প্ৰধানমন্ত্ৰী ইমৰান খানৰ নীতি হৈছে দেশক দুৰ্নীতিৰ পৰা মুক্ত কৰা ৷ আনহাতে বেলুচিস্তানৰ ৰাজধানীত অনুষ্ঠিত পিডিএমৰ ৰেলী সন্দৰ্ভত তেওঁ কয় যে,‘ঠগ’য়ে আজি কুৱেটাত শিবিৰ গঠন কৰিছে ৷

ফাৰাজে পাকিস্তান মুছলীম লীগ-নৱাজ (PML-N) চুপ্ৰীম’ নৱাজ শ্বৰীফক সমালোচনা কৰে আৰু কয়,তেওঁ এজন ব্যক্তি যাক আদালতে দোষী ঘোষণা কৰিছে ৷

পিডিএমৰ ‘আজাদ বেলুচিস্তান’ৰ আহ্বানক নিন্দা কৰি তেওঁ কয় যে,চৰকাৰে নৱাজ শ্বৰীফ আৰু অন্যসকলৰ বিৰুদ্ধে তদন্ত কৰিব ৷

ইফালে,আয়ুব ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পিডিএমৰ ৰেলীত পিডিএমৰ সভাপতি মৌলানা ফজলুৰ ৰহমানো উপস্থিত থাকে ৷ পাকিস্তানী মুছলীম লীগ (N) (PML-N)ৰ উপ সভাপতি মাৰিয়াম নৱাজে ভাষণত কয় যে,পাকিস্তান আৰু বেলুচিস্তানৰ ভাগ্য সলনি কৰাৰ সময় আহি পৰিছে ৷ লগতে তেওঁ উপস্থিত থকা লোকসকলক সম্বোধন কৰি কয় যে,এতিয়াৰে পৰা স্বামী আৰু ভাই সন্ধানহীন নহয় ৷

পিডিএমৰ সভাপতি মৌলানা ফজলুৰ ৰহমানে কয় যে, "মই সংস্থাসকলক বিৰুদ্ধাচৰণ নকৰো ৷ কিন্তু যেতিয়া তেওঁলোকে পাকিস্তানত ‘martial law’ বলৱৎ কৰিব বা ভুৱা চৰকাৰক পুনৰ আঁকোৱালি ল’ব,তেতিয়া প্ৰশ্ন উত্থাপন আৰু বিৰোধিতা কৰাতো আমাৰ অধিকাৰ ৷"

লগতে পঢ়ক : কোভিড সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ স্পেইনত নৈশ-সান্ধ্য আইন বলৱৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.