নেশ্যনেল ডেক্স,15 মেঃ 1995 চনৰ পৰা 15 মেক আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস হিচাপে উদযাপন কৰা হয় । 1994 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত সকলো আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰিয়ালকেন্দ্ৰীক প্ৰয়োজনীয়তাসমূহ আঙুলিয়াই দিয়াৰ বাবে এই দিৱসৰ ঘোষণা কৰা হয় ।
ৰাষ্ট্ৰসংঘৰ মতে, 'এই দিনটো বিশ্বৰ পৰিয়ালসমূহৰ প্ৰয়োজনীয়কতাসমূহ, সমাজ আৰু সংস্কৃতিক উদযাপন কৰাৰ এক উপলক্ষ । ই পৰিয়ালসমূহৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে সুযোগ প্ৰদান কৰে, ইয়াৰ লগতে পৰিয়ালসমূহক প্ৰভাৱিত কৰা অৰ্থনৈতিক, সামাজিক প্ৰক্ৰিয়াসমূহৰ বিষয়েও জ্ঞান বৃদ্ধি কৰে ।
1996 চনৰ পৰা এই বিশেষ দিনটোৰ বাবে এটি বিষয় নিৰ্ধাৰণ কৰা হয় । এই বৰ্ষৰ বিষয় হ'ল "পৰিয়াসমূহৰ উন্নয়নঃ কোপেনহেগেন আৰু বেইজিং + 25"
এইবৰ্ষৰ বিষয়বস্তু সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰসংঘৰ এক বিবৃতিত প্ৰকাশ কৰা হয় যে, " এইবেলি কোপেনহেগেন ঘোষণাৰ 25 বৰ্ষ পূৰ্ণ হোৱাৰ একে সময়তেই বিশ্ব স্বাস্থ্য আৰু সামাজিক সংকটৰ প্ৰত্যাহ্বানৰ বাবে বেইজিং প্লেটফৰ্ম ফৰ একছন স্থাপন কৰা হয় । 2020 বৰ্ষৰ কোভিড 19 মহামাৰীয়ে ব্যক্তি আৰু পৰিয়ালসমূহক সুৰক্ষা প্ৰদনৰ বাবে সামাজিক নীতিসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।"
উল্লেখ্য যে, 2018 আৰু 2019 বৰ্ষৰ বিশ্ব পৰিয়াল দিৱসৰ বাবে ৰাষ্ট্ৰসংঘই "পৰিয়াল আৰু জলবায়ু কৰ্মঃ SCG 13ৰ ওপৰত গুৰুত্ব আৰোপ" আৰু "পৰিয়াল আৰু অন্তৰ্ভূক্ত সমাজ" নামেৰে বিষয় নিৰ্ধাৰণ' কৰিছিল ।
লগতে পঢ়ক-ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে গোচৰ তৰা চিবিআইৰ বিষয়াগৰাকী !