ETV Bharat / international

কাঠমাণ্ডুৰ শিক্ষাখণ্ডলৈ ভাৰতৰ অৱদান

author img

By

Published : Sep 7, 2019, 8:06 PM IST

নেপালস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত মঞ্জীৱ সিং পুৰীয়ে শনিবাৰে কাঠমাণ্ডুত কটেশ্বৰ মাল্টিপল কেম্পাছ বিল্ডিঙৰ উদ্বোধন কৰে ৷ নেপালী টকাৰ হিচাপত প্ৰায় 45.10 মিলিয়ন ভাৰতীয় অৰ্থ সাহাৰ্যৰে এই কেম্পাছৰ নিৰ্মাণ কৰা হৈছে ৷

কাঠমাণ্ডুৰ শিক্ষাখণ্ডলৈ ভাৰতৰ অৱদান

ইন্টাৰনেশ্বনেল ডেস্ক, 7 ছেপ্তেম্বৰ : নেপালস্থিত ভাৰতীয় ৰাষ্ট্ৰদুত মঞ্জীৱ সিং পুৰীয়ে শনিবাৰে কাঠমাণ্ডুত কটেশ্বৰ মাল্টিপল কেম্পাছ বিল্ডিঙৰ উদ্বোধন কৰে ৷ নেপালী টকাৰ হিচাপত প্ৰায় 45.10 মিলিয়ন ভাৰতীয় অৰ্থ সাহাৰ্যৰে এই কেম্পাছ নিৰ্মাণ কৰা হৈছে ৷ তিনিমহলীয়া এই বিল্ডিঙত আছে 18 টাকৈ শ্ৰেণীকক্ষ আৰু কেম্পাছৰ অধ্যক্ষ, পৰীক্ষাকেন্দ্ৰ, কাৰ্যালয়, হিচাপ নিৰীক্ষকৰ কোঠা আৰু কোষাগাৰ ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নেপালৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ মুৰব্বী মহেন্দ্ৰ বাহাদুৰ পাণ্ডে, নেপালৰ প্ৰাক্তন বৈদেশিক সচিব মদন ভট্টৰায়, জিলা সমন্বয়ক সমিতিৰ মুৰব্বী শিৱ সুন্দৰ ৰাজ বৈদ্যৰ লগতে বহুকেইজন বিশিষ্ট ৰাজনৈতিক নেতা ৷

নেপালৰ শিক্ষাখণ্ডত এই নতুন সংযোজনৰ জৰিয়তে ছাত্ৰী-ছাত্ৰীৰ মাজত শিক্ষাৰ পৰিৱেশ উন্নত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে ৷ উল্লেখ্য যে, কাঠমাণ্ডুৰ কটেশ্বৰত অৱস্থিত কটেশ্বৰ মাল্টিপল কেম্পাছ হৈছে এক বেচৰকাৰী প্ৰতিষ্ঠান আৰু সমাজ সেৱাৰ সৈতে নিয়োজিত ৷ এই কেম্পাছত স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ মেনেজমেন্ট, শিক্ষা আৰু মানৱ সম্বন্ধীয় বিজ্ঞানৰ পাঠদান প্ৰদান কৰা হয় ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.