ইন্টাৰনেশ্বনেল ডেস্ক, 4 জানুৱাৰী : আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ ফলত ইৰানীয়ান জেনেৰেল কাছেম ছোলেইমানিৰ মৃত্যু হোৱাৰ ফলত মধ্য এছিয়াত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য ৷ শনিবাৰে আটাইবোৰ বৃহৎ চহৰতে পেট্ৰলত 10-11 পইছা আৰু ডিজেলত 15-16 পইছা বৃদ্ধি পাইছে ৷
ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি, দিল্লীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 75.45 টকা, মুম্বাইত 81.04 টকা, কলিকতাত 78.04 টকা আৰু চেন্নাইত 78.39 টকা হৈছেগৈ ৷
আনহাতে, দিল্লীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত 68.90 টকা, মুম্বাইত 71.72 টকা, কলিকতাত 70.76 টকা আৰু চেন্নাইত 72.28 টকা হৈছে ৷
পেট্ৰল আৰু ডিজেলৰ খুচুৰা মূল্য আন্তঃৰাষ্ট্ৰীয় অশোধিত তেলৰ মূল্য তথা টকা আৰু আমেৰিকান ডলাৰৰ বিনিময় মূল্যৰ ওপৰত নিৰ্ভৰ কৰে ৷
ঘৰুৱা পেট্ৰল আৰু ডিজেলৰ মূল্য তেল মাৰ্কেটিং কোম্পানীবোৰে প্ৰতিদিনে নিৰীক্ষণ কৰে ৷ ইন্ধনৰ ষ্টেছন সমূহত পুৱা 6 বজাৰ পৰা সংশোধিত মূল্য কাৰ্যকৰী কৰা হয় ৷
আৰু পঢ়ক : শ্ৰীকাকুলামত পথ দুৰ্ঘটনা : নিহত 5