ETV Bharat / international

কৰ'ণা মুক্ত ঘোষণা ফিজি,দেশখনত ৯২ শতাংশ সম্পূৰ্ণ হৈ উঠিছে কৰ'ণা পৰীক্ষা

author img

By

Published : Jun 5, 2020, 10:42 PM IST

কৰ'ণা মুক্ত ঘোষণা ফিজি। দেশখনৰ শেষতীয়াকৈ COVID-19 ত আক্ৰান্ত হোৱা তিনি ব্যক্তি সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠাৰ পাচতে কৰ'ণা মুক্ত বুলি ঘোষণা কৰা হয় দেশখন । লগতে দেশখনত বৰ্তমান পৰ্যন্ত ১০০ জন ব্যক্তি কোৱাৰেণ্টাইনত কেন্দ্ৰত থকাৰ উপৰিও দেশখনৰ জনসাধৰণৰ মাজত ৯২ শতাংশ COVID-19 ৰ পৰীক্ষা সম্পূৰ্ণ হৈছে বুলি সদৰী কৰে ।

COVID-19
কৰ'ণা মুক্ত ঘোষণা ফিজী, দেশখনত ৯২ শতাংশ সম্পূৰ্ণ হৈ উঠিছে কৰ'ণা পৰীক্ষা

নিউজ ডেস্ক, ৫ জুনঃ কৰ'ণা মুক্ত ঘোষণা কৰিছে ফিজিয়ে। শুকুৰবাৰে দেশখনত COVID-19 ত আক্ৰান্ত হোৱা তিনি ব্যক্তি সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠাৰ পাচতে কৰ'ণা মুক্ত বুলি ঘোষণা কৰা হয় ফিজি।

আনহাতে,স্বাস্থ্য মন্ত্ৰী ইফৰীমী ৱেকেনবেটে মহামাৰী কৰ'ণাৰ পৰা ৰাষ্ট্ৰখনক ৰক্ষা কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে । মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে,আমি COVID-19 প্ৰতিৰোধ কৰিবলৈ বহুত সতৰ্ক হ'ব লাগিব । আমি আমাৰ দেশৰ প্ৰহৰীসকলক কেতিয়াও অকলশৰীয়া নকৰো । ফিজিত COVID-19ত আক্ৰান্ত হোৱা ব্যক্তি তিনিজনক সুস্থ কৰি তোলা চিকিৎসক,নাৰ্ছ বৰ্তমান কোৱাৰেণ্টাইন হৈ থাকিব লাগিব বুলিও সদৰী কৰে মন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, ফিজিত ২০০০ ৰো অধিক লোকৰ COVID-19ৰ পৰীক্ষা কৰা হৈছে । তৰোপৰি দ্বীপটোত বৰ্তমান পৰ্যন্ত ৯২ শতাংশ COVID-19 ৰ পৰীক্ষা সম্পূৰ্ণ হৈ উঠিছে বুলি সদৰী কৰে ।

ফিজিৰ প্ৰধানমন্ত্ৰী ৱোৰেকে বেনীমাৰামাই সদৰী কৰা আনুসৰি,দেশখনত বৰ্তমান পৰ্যন্ত ১০০ জন ব্যক্তি কোৱাৰেণ্টাইন কেন্দ্ৰত আছে । ১৯ মাৰ্চৰ পাচত দেশখনত ১৮ জন ব্যক্তি COVID-19ত আক্ৰান্ত আছিল যদিও বৰ্তমান আটাইকেইজন ৰোগী আৰোগ্য হৈ উঠিছে । আনহাতে, COVID-19ত আক্ৰান্ত হৈ এজনো ব্যক্তিৰ মৃত্যু হোৱা নাই বুলিও সদৰী কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । লগতে পুৱা ৫ বজাৰ পৰা ৰাতি ১০ বজালৈ কাৰ্ফিউ জাৰী কৰাৰ উপৰিও ৰাজহুৱা স্থানত ২০ জনতকৈ অধিক লোক একগোট হ'ব নোৱাৰিব বুলিও সদৰী কৰে ।

লগতে পঢ়কঃ বনাঞ্চলৰ সংখ্যা বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.