ইন্টাৰনেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: ফিলিপাইনছত ভয়ংকৰ ভূমিকম্প । প্ৰৱল ভূমিকম্পই জোকাৰি গ'ল ফিলিপাইনছৰ মানিলা চহৰ । ৬.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পই কঁপাই তোলে মানিলা চহৰ । আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি পুৱা ৫ বাজি ১৩ মিনিট ৪৩ ছেকেণ্ডত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰ ।
চহৰ খনৰ ৯৩ কিলোমিটাৰ এচ এচ ডব্লিউৰ পৰা ১২৩ কিলোমিটাৰ দূৰত্বত ১২০.৫৯ গভীৰতাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি । ভূমিকম্পৰ ফলত হোৱা কোনো ক্ষয়-ক্ষতিৰ কথা বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক: একাধিপত্য বিৰোধী তদন্ত ঘোষণা কৰি আলীবাবাৰ ওপৰত হেঁচা চীনৰ