ইণ্টাৰনেশ্য়নেল ডেস্ক,২৯ এপ্ৰিল: কৰ'ণাৰ সৈতে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ভাৰতক এই সহায়ৰ হাত চীনৰ । চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে বৃহস্পতিবাৰে ভাৰতক সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে আৰু কয় যে চীনত উৎপাদিত মহামাৰী প্ৰতিৰোধ সামগ্ৰী ভাৰতলৈ অতি সোনকালে প্ৰেৰণ কৰা হ'ব ।
মন্ত্ৰীগৰাকীয়ে লিখা এখন চিঠিৰ এক প্ৰতিলিপি টুইটযোগে প্ৰকাশ কৰি ভাৰতত চীনা ৰাষ্ট্ৰদূত চান ৱেইডঙে কয় যে কৰ'ণা ভাইৰাছ হৈছে মানৱজাতিৰ উমৈহতীয়া শত্ৰু আৰু আন্তৰ্জাতিক পৰ্যায়ত একত্ৰিত ভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে সংহতি আৰু সমন্বয়ৰ প্ৰয়োজন । চীনা পক্ষই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰ আৰু জনসাধাৰণক দৃঢ়ভাৱে সমৰ্থন কৰিব ।
তেওঁ লগতে কয় যে চীনে ভাৰতলৈ প্ৰয়োজনীয় সামগ্ৰীৰ যোগান অব্যাহত ৰাখিব । তেওঁ আশাবাদী ভাৰতৰ নাগৰিক অতি সোনকালে এই মহামাৰীৰ কবলৰ পৰা মুক্ত হ'ব । ভাৰত-চীন সীমান্তকলৈ দুয়োখন দেশৰ মাজত বিবাদ অব্যাহত থকাৰ মাজতে চীনৰ চৰকাৰৰ তৰফৰ পৰা এই পত্ৰখনে নিশ্চিতভাৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক:ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে আয়াৰলেণ্ডে