ETV Bharat / international

এতিয়াৰে পৰা তিনিটাকৈ সন্তান জন্ম দিব পাৰিব চীনা দম্পতীয়ে - তিনিটাকৈ সন্তান জন্ম

শুকুৰবাৰে ক্ষমতাসীন কমিউনিষ্ট পাৰ্টিৰ(Communist Party) দ্বাৰা প্ৰস্তুত কৰা ‘তিনি সন্তান নীতি’ক(Three Child Policy) আনুষ্ঠানিকভাৱে অনুমোদন জনালে চীনৰ ৰাষ্ট্ৰীয় আইনসভাই(China's national legislature) ৷ জনবহুল দেশ চীনত জন্মৰ হাৰ তীব্ৰ গতিত হ্ৰাস হোৱা হেতুকে এই নীতি নিৰ্ধাৰণ কৰিছে চীনা চৰকাৰে ৷

China approves three-child policy
চীনত তিনি সন্তান নীতি প্ৰযোজ্য
author img

By

Published : Aug 20, 2021, 1:47 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 আগষ্ট : চীনৰ ৰাষ্ট্ৰীয় আইনসভাই(China's national legislature) শুকুৰবাৰে ক্ষমতাসীন কমিউনিষ্ট পাৰ্টিৰ(Communist Party) দ্বাৰা প্ৰস্তুত কৰা ‘তিনি সন্তান নীতি’ক(Three Child Policy) আনুষ্ঠানিকভাৱে সমৰ্থন কৰে ৷ বিশ্বৰ আটাইতকৈ জনবহুল দেশখনত জন্মৰ হাৰৰ তীব্ৰ হ্ৰাস প্ৰতিহত কৰাৰ লক্ষ্যৰে এই নীতি নিৰ্ধাৰণ কৰিছে চৰকাৰে ।

সংশোধিত জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনা আইনে চীনা দম্পতীক তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি দিয়ে ৷ নেশ্যনেল পিপলছ কংগ্ৰেছে(NPC) এই আইন গৃহীত কৰিছিল ৷ বৰ্ধিত ব্যয়ৰ ক্ষেত্ৰত চীনা দম্পতীৰ অধিক সন্তান জন্ম দিয়াৰ অনিচ্ছা দূৰ কৰাৰ এক স্পষ্ট প্ৰয়াসেৰে সংশোধিত আইনখনে সামাজিক আৰু অৰ্থনৈতিক সমৰ্থনৰ ব্যৱস্থাও গৃহীত কৰিছে ।

নতুন আইনখনে নিৰ্ধাৰণ কৰিছে যে, দেশখনে পৰিয়ালৰ বোজা হ্ৰাস কৰাৰ লগতে শিশুক ডাঙৰ-দীঘল আৰু শিক্ষিত কৰি তুলিবলৈ বিত্ত, কৰ, বীমা, শিক্ষা, গৃহ আৰু নিযুক্তিৰ লগতে সহায়ক ব্যৱস্থা গ্ৰহণ কৰিব ৷

এক প্ৰতিবেদনযোগে কোৱা হৈছে যে, NPCয়ে সামাজিক আৰু অৰ্থনৈতিক বিকাশত নতুন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু সন্তুলিত দীৰ্ঘম্যাদী জনসংখ্যা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তক সমৰ্থন জনাই আইনখন সংশোধন কৰিছে । চলিত বৰ্ষৰ মে’ মাহত ক্ষমতাসীন কমিউনিষ্ট পাৰ্টি অৱ চাইনাই (CPC) সকলো দম্পতীক তিনিটা পৰ্যন্ত সন্তান জন্ম দিয়াৰ অনুমতি দিয়াৰ পূৰ্বে কঠোৰ দুই সন্তান নীতি শিথিল কৰি দিবলৈ অনুমোদন জনাইছিল ৷

উল্লেখ্য যে, 2016 চনত চীনে দেশখনৰ সকলো দম্পতীক দুটা সন্তান জন্ম দিবলৈ অনুমতি দিছিল ৷ দশক পুৰণি এক সন্তানৰ কঠোৰ নীতি বাতিল কৰা হৈছিল ৷ চীনা বিষয়াসকলে দাবী কৰে যে, তিনি দশকতকৈও অধিক সময় ধৰি কাৰ্যকৰী কৰা এক সন্তান নীতিয়ে 400 নিযুতৰো অধিক সন্তান জন্মক প্ৰতিহত কৰিছে ।

তৃতীয় সন্তান জন্মৰ অনুমতি দিয়া বিষয়টো চলিত মাহৰ পূৰ্বেও দশকৰ লোকপিয়লৰ অন্তত উত্থাপন হৈছিল আহিছিল, যিয়ে দেখুৱাইছিল যে চীনৰ জনসংখ্যা নতুন বছৰৰ আৰম্ভণিতে হ্ৰাস পাব পাৰে ৷ নতুন লোকপিয়লৰ পৰিসংখ্যাই প্ৰকাশ কৰিছে যে, চীনে সন্মুখীন হোৱা জনগাঁথনিগত সংকট গভীৰ হোৱাৰ সম্ভাৱনা আছে ৷

কিয়নো 60 বছৰৰ অধিক বয়সৰ লোকৰ সংখ্যা 264 নিযুতলৈ বৃদ্ধি হৈছে ৷ বিগত বৰ্ষতো 60ৰ উৰ্ধৰ লোকৰ সংখ্যা 18.7 শতাংশলৈ বৃদ্ধি পাইছিল ৷

লগতে পঢ়ক: ফেচবুকে অস্থায়ীভাৱে আঁতৰাইছে আফগান ব্যৱহাৰকাৰীৰ বন্ধুৰ তালিকা চোৱাৰ সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.