ETV Bharat / international

আফগানিস্তানত বোমা বিস্ফোৰণ-নিহত 9

আফগানিস্তানত বোমা বিস্ফোৰণ। কান্ধাৰৰ ৰাজ্য়পালৰ প্ৰৱক্তা ৱছীৰ আহমদীয়ে নিশ্চিত কৰে বোমা বিস্ফোৰণৰ কথা । এই বিস্ফোৰণত পাঁচজন লোক আহত হোৱাৰ লগতে 9 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । তালিবানৰ দ্বাৰা প্ৰমুখ্য় মুছলিমৰ ছুটীৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰা এমাহ সময় উকলি যোৱাৰ পাচত এইটো তৃতীয়টো বোমা বিস্ফোৰণৰ ঘটনা।

author img

By

Published : Jun 3, 2020, 7:16 PM IST

Bus strikes roadside bomb in southern Afghanistan, 9 killed

কাবুল, 3 জুনঃ আফগানিস্তানত বোমা বিস্ফোৰণৰ ঘটনা। ৰাস্তাৰ কাষত সংঘটিত কৰা হয় এই ভয়ংকৰ বোমা বিস্ফোৰণটো। য'ত এখন যাত্ৰীবাহী বাছৰ 9 গৰাকীকৈ লোক মৃত্যু হোৱা বুলি জানিবলৈ পৰা গৈছে । আনহাতে গুৰুতৰ ভাৱে আহত হৈছে 5 জনকৈ লোক । এই বোমা বিস্ফোৰণৰ কথা নিশ্চিত কৰে কান্ধাৰৰ প্ৰদেশৰ ৰাজ্য়পালৰ প্ৰৱক্তা ৱছীৰ আহমদীয়ে ।

জানিব পৰা মতে,বাছখন এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰি থকাৰ সয়মতে ৰাস্তাত পেলাই থোৱা বোমাটোৰ সৈতে বাছটোৰ সংঘৰ্ষ হোৱাত বিস্ফোৰণ সংঘটিত হয়। তালিবানৰ দ্বাৰা এটি প্ৰমুখ্য় মুছলিম ছুটীৰ বাবে ঘোষণা কৰা সংক্ষিপ্ত যুদ্ধ বিৰতি বিগত মাহত সমাপ্তি হোৱাৰ পাচতেই এইটো তৃতীয়টো ৰাস্তাত বোমা বিস্ফোৰণৰ ঘটনা ।

এতিয়ালৈ এই বিস্ফোৰণৰ স্বীকাৰ কৰা নাই তালিবান সন্ত্ৰাসবাদী সংগঠনটোৱে । কিন্তু ইয়াৰ পূৰ্বে আফগান সেনা বাহিনীৰ ওপৰত ঈদ-অল-ফিটৰৰ সময়ত এক আক্ৰমণ চলাইছিল সংগঠনটোৱে। চুক্তিটো আনুষ্ঠানিক ভাৱে আগবঢ়োৱা হোৱা নাই যদিও যুদ্ধৰত পক্ষত দুয়ো পক্ষেই অল আউট যুদ্ধৰ প্ৰত্যাৱৰ্তন বিচৰা নাই ।

ইপিনে মঙলবাৰে নিশা কাবুলৰ এখন মছজিদৰ ভিতৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত 2 লোকৰ মৃত্য়ু হোৱাৰ লগতে 8 লোক আহত হৈছিল ।

লগতে চাওকঃ কৰ'ণা ৰোগীক লৈ তৎপৰ অসম চিকিৎসা মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.