ETV Bharat / international

ৰোহিংগীয়া শৰণাৰ্থীৰ আন এটা দলক ভসন-4 দ্বীপলৈ প্ৰেৰণ

author img

By

Published : Jan 29, 2021, 9:46 PM IST

বাংলাদেশে ৰোহিংগীয়া শৰণাৰ্থীৰ আন এটা দলক ভসন-4 নামৰ দ্বীপলৈ প্ৰেৰণ কৰিছে ৷ ভসন-4 নামৰ এই দ্বীপ প্ৰায় 20 বছৰ পূৰ্বে সাগৰৰ পৰা আবিৰ্ভাৱ হৈছিল বুলি কোৱা হৈছে ৷

Bangladesh relocates 3rd group of Rohingya refugees
ৰোহিংগীয়া শৰণাৰ্থীৰ আন এটা দলক ভসন-4 দ্বীপলৈ প্ৰেৰণ

নিউজ ডেস্ক, 29 জানুৱাৰী : বাংলাদেশে ৰোহিংগীয়া শৰণাৰ্থীৰ আন এটা দলক শুকুৰবাৰে বে অৱ বেংগলৰ সমীপৰ এটা দ্বীপলৈ প্ৰেৰণ কৰে ৷ মানৱাধিকাৰ সংস্থাসমূহে এই দ্বীপত ৰোহিংগীয়া সকলৰ সুৰক্ষাক লৈও চিন্তা ব্যক্ত কৰিছে ৷ কিয়নো এই দ্বীপৰ উচ্চতা কম হোৱাৰ লগতে সাগৰীয় ধুমুহাৰ ক্ষেত্ৰত যথেষ্ট সংবেদনশীল ৷

উল্লেখ্য যে, ভসন-4 নামৰ এই দ্বীপ প্ৰায় 20 বছৰ পূৰ্বে সাগৰৰ পৰা আবিৰ্ভাৱ হৈছিল বুলি কোৱা হৈছে ৷ এই দ্বীপ পূৰ্বে নিৰ্জন আছিল আৰু ইয়াত এক লাখ শৰণাৰ্থী ৰোহিংগীয়া মুছলমানক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

বাংলাদেশ নৌসেনাৰ কমাণ্ডাৰ মোজাম্মিল হকে কয় যে, শুকুৰবাৰে পুৱা নৌসেনাৰ চাৰিখন জাহাজেৰে 1778 গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক ভসন-4 দ্বীপলৈ বুলি পঠিয়াই দিয়া হৈছে ৷ উক্ত দ্বীপলৈ যোৱা এয়া তৃতীয়টো ৰোহিংগীয়া শৰণাৰ্থীৰ দল ৷ ইয়াৰ পূৰ্বে 29 ডিচেম্বৰত 1804 গৰাকী ৰোহিংগীয়া শৰণাৰ্থী আৰু প্ৰথমবাৰৰ বাবে ডিচেম্বৰৰ আৰম্ভণিত 1642 গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক উক্ত দ্বীপলৈ প্ৰেৰণ কৰা হৈছিল ৷

লগতে পঢ়ক : দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত বিস্ফোৰণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.