ইণ্টাৰনেশ্যনেল ডেস্ক, ১ জুলাই : তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আফগান সেনাৰ অভিযান অব্যাহত আছে । এইবাৰ পুনৰ আফগান বায়ুসেনাৰ হাতত নিহত তালিবানী সন্ত্ৰাসবাদী । বাল্খ প্ৰদেশৰ কালদাৰ আৰু শ্বৰ্টেপা জিলাত চলিছিল আফগান সেনাৰ এয়াৰ ষ্ট্ৰাইক । এই এয়াৰ ষ্ট্ৰাইকত (Air strike) প্ৰায় ৩৩ গৰাকী তালিবানী সন্ত্ৰাসবাদী (Taliban militant) নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
বৃহস্পতিবাৰে আফগান সেনাৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে । গোপন সূত্ৰৰ পম খেদি তালিবানী সন্ত্ৰাসবাদী গোপন ঘাটিৰ সম্ভেদ লাভ কৰিছিল সেনাই ৷ তাৰ পিছতে বুধবাৰে বিয়লি সন্ত্ৰাসবাদীৰ সেই গোপন ঘাটিত যুঁজাৰু বিমানেৰে আক্ৰমণ কৰে আফগান বায়ুসেনাই । এই আক্ৰমণত ৩৩ গৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ১৯ গৰাকী গুৰুতৰভাৱে আহত হয় ।
এই এয়াৰ ষ্ট্ৰাইকত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ ধ্বংস কৰা হয় ।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা আফগান বাহিনীয়ে হেৰাট প্ৰদেশৰ ঘোৰিয়ান জিলাত তালিবানৰ এক ভয়ংকৰ আক্ৰমণৰ ব্লুপ্ৰিণ্ট বিফল কৰিবলৈ সক্ষম হয় । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ ফলত ২০ গৰাকীকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হয় বুলি এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে । বিবৃতি অনুসৰি শ শ তালিবানী সন্ত্ৰাসবাদীয়ে ঘোৰিয়ান জিলাত আক্ৰমণ আৰম্ভ কৰিছিল যদিও নিৰাপত্তা বাহিনীয়ে ইয়াৰ সঠিক প্ৰত্তুৎতৰ দিবলৈ সক্ষম হয় । যাৰ ফলত ২০ গৰাকী তালিবানী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে বাকীসকল পলাই যাবলৈ সক্ষম হয় ।
এক বিবৃতি অনুসৰি আন এক যুঁজাৰু বিমানৰ প্ৰত্যাক্ৰমণত আন দহজন সন্ত্ৰাসবাদী আহত হয় । অৱশ্যে এই আক্ৰমণত এগৰাকী সুৰক্ষা কৰ্মীও নিহত হোলাৰ লগতে আন তিনিজন আঘাতপ্ৰাপ্ত হয় । বিবৃতিটোত প্ৰকাশ কৰা হৈছে যে, নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰাপত্তা বাহিনীয়ে ঘোৰিয়ান আৰু ইয়াৰ আশে-পাশে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁদ্ধ অব্যাহত ৰাখিব । খবৰ অনুসৰি ১ মে'ত আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন বাহিনী প্ৰত্যাহাৰ আৰম্ভ হোৱাৰ পিছতে তালিবান উগ্ৰপন্থীয়ে ৭০ খনতকৈও অধিক জিলা নিজৰ দখললৈ আনিছে ।
লগতে পঢ়ক : আফগান বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইক, নিহত ১৪ তালিবানী সন্ত্ৰাসবাদী