নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: ক'লা ধোঁৱাই ছানি ধৰিছে ইণ্ডোনেছিয়াৰ জাভা দ্বীপ । মঙলবাৰে দ্বীপটোৰ আটাইতকৈ ওখ পৰ্বত ছেমেৰু পৰ্বতত আগ্নেয়গিৰি উদ্গীৰণ হয় । ইয়াৰ পিছতে হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় । ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিবলৈ ঘৰ এৰি নিৰাপদ স্থানলৈ গৈছে প্ৰায় ৫৫০ জন বাসিন্দা । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে, আগ্নেয়গিৰি উদ্গীৰণৰ পিছতে উতলি থকা লাভা আৰু গৰম ধোঁৱা নিৰ্গত হৈছে ।
সংবাদ এজেন্সী ছিন্হুৱাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুখপাত্ৰ ৰাদিত্য জাতিয়ে কৈছে যে, ৩০০ জন বাসিন্দা ইতিমধ্যে অবজাৰ্ভেছন পোষ্টলৈ পলায়ন কৰিছে আৰু আন লোকসকল আশ্ৰয় শিবিৰতে আছে । পূৱ জাভা প্ৰান্তৰ লুমাজং জিলাত জ্বালামুখী মঙলবাৰে পুৱা ১.২৩ বজাত উদ্গীৰণ হয় । পুৱতি নিশা ৩ বজাত অবজাৰ্ভেছন পোষ্টৰ সমীপত জ্বালামুখীৰ ছাঁই বৰষুণৰ পানীৰ সৈতে মিহলি হৈ তললৈ বৈ যায় । ৰাদিত্য জাতিয়ে কয় যে, আমি অনুমান কৰিছো যে. উত্তপ্ত লাভা নিৰ্গত হোৱাৰ বাবে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে । সম্প্ৰতি সাৱধনতা অৱলম্বন কৰা হৈছে ।
আগ্নেয়গিৰি উদ্গীৰণৰ ফলত লুমাজং জিলাৰ চুপিতুৰংগ, অৰ' অৰ' অম্ব', ৰ'ৱ'বাউং আৰু চুম্বেৰৱুল্লুহ গাঁও ক্ষতিগ্ৰস্ত হৈছে । ৰাদিত্য জাতিয়ে কয় যে, খাদ্য সামগ্ৰী, ৰাজহুৱা পাকঘৰ, মাস্ককে ধৰি বহু জৰুৰীকালীন প্ৰয়োজনীয়তা আহি পৰিছে । দ্য চেণ্টাৰ ফৰ ভলকেন' এণ্ড জিঅ'ল'জিকেল হাজাৰ্ড মিটিগেছনে আগ্নেয়গিৰি উদ্গীৰণ হোৱা স্থানৰ পৰা ১ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত আৰু দক্ষিণ-দক্ষিণ পূৱ দিশত ৪ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত মানুহৰ অহা-যোৱা নকৰিবলৈ স্থানীয় বাসিন্দাক আহ্বান জনাইছে। দেশখনৰ চৰকাৰী বিষয়াই এতিয়ালৈকে ৪,০০০ মাস্ক বিতৰণ কৰিছে । উল্লেখ্য যে, পৰ্বতাৰোহীৰ আটাইতকৈ প্ৰিয় পৰ্বত ছেমেৰু।
লগতে পঢ়ক:গুৰু নানকৰ 551 সংখ্যক জন্ম জয়ন্তীত বাইডেন,হেৰিছৰ শুভেচ্ছা বাণী