ইন্টাৰনেশ্যনেল ডেস্ক,6 ডিচেম্বৰ : দক্ষিণ-পশ্চিম চীনৰ এটি কয়লা খনিত অত্যাধুনিক কাৰ্বন মন’ক্সাইড নিৰ্গমনৰ ফলত 23 গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে এজন লোকক উদ্ধাৰ কৰা হৈছে ৷ শুকুৰবাৰে পুৱা 5 বজাত য়ংছুৱান জিলাত বন্ধ হৈ থকা ডিয়াওশ্বুইদং কয়লা খনিত এই দুৰ্ঘটনা সংঘটিত হয় ৷ খনিটোৰ ভিতৰত কৰ্মচাৰী সকলে পীটৰ ভিতৰৰ সা-সৰঞ্জামসমূহ ধ্বংস কৰি থকা সময়তেই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত 24 গৰাকী কৰ্মচাৰী খনিৰ ভিতৰতে আৱদ্ধ হৈ পৰে ৷
উল্লেখ্য যে, এই কয়লা খনিটোৰ অনুজ্ঞাপত্ৰ প্ৰায় দুমাহ পূৰ্বে বাতিল কৰি খনিটো বন্ধ কৰি দিয়া হৈছিল ৷ দুৰ্ঘটনা সন্দৰ্ভত সম্প্ৰতি অনুসন্ধানত অব্যাহত আছে ৷