ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ জানুৱাৰী: বুধবাৰে মাৰ্কিন কেপিট'ল হিল চৌহদত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত গুলীবিদ্ধ হৈ মৃত্যুক আকোঁৱালি ল'লে এগৰাকী মহিলাই । মহানগৰ আৰক্ষীয়ে চিএনএন সংবাদ গোষ্ঠীৰ আগত এই কথা প্ৰকাশ কৰিছে । মুখপাত্ৰ ডাষ্টিন ষ্টাৰ্নবেকে কয় যে, কেপিট'ল হিল চৌহদৰ ভিতৰত প্ৰতিবাদৰ সময়ত গুলীবিদ্ধ হোৱাৰ পিছতে এগৰাকী মহিলাক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । বৰ্তমান চিকিৎসকে মহিলাগৰাকীক মৃত ঘোষণা কৰিছে ।
অৱশ্যে মহিলাগৰাকীৰ নাম এতিয়াও ৰাজহুৱা কৰা হোৱা নাই । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখা গৈছে যে, কেপিট'ল হিল চৌহদত প্ৰতিবাদকাৰীৰ ব্যাপক ভিৰ আৰু সেই সময়তে গুলীচালনা কৰাৰ শব্দ শুনা গৈছে । গুলীৰ শব্দ শুনাৰ সময়তে ভিডিঅ'ত ট্ৰাম্পৰ ফটো আৰু বিভিন্ন শ্ল'গান লিখা থকা এখন বেনাৰ ডিঙিত মেৰিয়াই থোৱা এগৰাকী প্ৰতিবাদকাৰী মহিলা কেপিট'ল চৌহদৰ মজিয়াত ঢলি পৰা দেখা গৈছে ।
ৱাশ্বিংটন পোষ্টত প্ৰকাশ পোৱা মতে, মহিলাগৰাকীৰ শৰীৰৰ ওপৰ অংশ তেজেৰে লুটুৰি-পুতুৰি হোৱা দেখা গৈছিল আৰু তেওঁক এখন এম্বুলেন্সেৰে ঘটনাস্থলীৰ পৰা লৈ যোৱা হৈছিল । ইলেক্ট'ৰেল কলেজৰ ভোটৰ বিৰোধিতা কৰি ট্ৰাম্পৰ সমৰ্থকে কেপিট'ল হিলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে । বুধবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা জ' বাইদেনৰ জয়ক স্বীকৃতি দিয়াৰ বাবে কেপিট'লৰ ভিতৰত এখন যৌথ অধিৱেশন অনুষ্ঠিত হৈছিল । প্ৰতিনিধিসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পূৰ্বৰে পৰা কেপিট'ল হিলত আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল ।
আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত কেইবাগৰাকীও বিষয়া আহত হয় । এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে কয় যে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছৰে পৰা একাংশ ৰাজনৈতিক নেতাই দায়িত্বহীন কাণ্ড সংঘটিত কৰিছে আৰু দেশৰ অনুষ্ঠান, আইন, পৰম্পৰাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা নাই । এই কাৰ্যত তেওঁ মৰ্মাহত হৈছে বুলিও মন্তব্য কৰে । সমৰ্থকৰ এনে আচৰণক বিৰুদ্ধে মাত মাতিবলৈ বহুকেইগৰাকী আইন প্ৰণেতাই ট্ৰাম্পক আহ্বান জনায় । ইয়াৰ পিছতে টুইটযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি ট্ৰাম্পে প্ৰতিবাদকাৰীসকলক ঘৰলৈ যাবলৈ অনুৰোধ জনায় ।
লগতে পঢ়ক:আমেৰিকাৰ কেপিট'ল বিল্ডিং আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ