ETV Bharat / international

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি : আমেৰিকাই উদঙাব চীনৰ প্ৰকৃত স্বৰূপ

author img

By

Published : Jul 19, 2021, 5:53 PM IST

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি অহাৰ পাচতে অতি শীঘ্ৰে চীনৰ প্ৰকৃত স্বৰূপ উদঙাবৰ বাবে সাজু হৈছে সংযুক্ত ৰাষ্ট্ৰ ৷ অৰ্থনীতিৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি অহাৰ পাচতে সংযুক্ত ৰাষ্ট্ৰই চীনে চলাই থকা অতি ভাবুকিপূৰ্ণ চাইবাৰ কাৰ্যকলাপ(malicious cyber activities) উদঙাবৰ বাবে সাজু হৈছে ৷ অন্যান্য মিত্ৰ ৰাষ্ট্ৰৰ সৈতে মিলি চীনৰ স্বৰূপ উদঙোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰো সিদ্ধান্ত লৈছে সংযুক্ত ৰাষ্ট্ৰই ৷

US to expose China
আমেৰিকাই উদঙাব চীনৰ প্ৰকৃত স্বৰূপ

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 জুলাই : মিত্ৰশক্তিৰ সৈতে মিলি অতি শীঘ্ৰেই চীনে(People's Republic of China) চলাই থকা ক্ষতিকাৰক চাইবাৰ কাৰ্যকলাপ(malicious cyber activities) উদঙাবৰ বাবে সাজু হৈছে সংযুক্ত ৰাষ্ট্ৰ(United States) ৷ মিত্ৰশক্তিৰ সৈতে মিলি চীনৰ প্ৰকৃত স্বৰূপ উদঙোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবেও সংযুক্ত ৰাষ্ট্ৰই ব্যৱস্থা গ্ৰহণ কৰিব ৷ দেওবাৰে (স্থানীয় সময় অনুসৰি) এক বিবৃতিত প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে কয় যে, সংযুক্ত ৰাষ্ট্ৰ আৰু মিত্ৰশক্তিৰ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সংযুক্ত ৰাষ্ট্ৰ, মিত্ৰশক্তি আৰু ইয়াৰ অংশীদাৰসকলে চীনৰ ক্ষতিকাৰক চাইবাৰ কাৰ্যকলাপৰ আৰ্হিৰ অধিক বিৱৰণ প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ৷

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা 7 বজাত(স্থানীয় সময় অনুসৰি) কৰা ঘোষণাটোত মূলতঃ তিনিটা বিষয় থাকিব ৷ ইয়াৰ ভিতৰত মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ এটা গোট (ইউৰোপীয় ইউনিয়ন, ইউনাইটেড কিংডম, অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ড, জাপান আৰু NATO)এ চীনৰ ৰাজ্যিক সুৰক্ষা মন্ত্ৰালয়ৰ ক্ষতিকাৰক চাইবাৰ কাৰ্যকলাপ উদঙোৱাত সংযুক্ত ৰাষ্ট্ৰক সহযোগ কৰিব ৷ উল্লেখ্য যে, এইবাৰ প্ৰথমবাৰৰ বাবে নাটোৱে (NATO) চীনৰ কাৰ্যকলাপক গৰিহণা দিছে ৷

লগতে পঢ়ক: ইৰাকৰ প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেন

বিভাগীয় সূত্ৰই জানিবলৈ দিয়া মতে, নিজৰ ব্যক্তিগত লাভালাভৰ লগতে বিশ্বব্যাপী অনুমোদিত নোহোৱা চাইবাৰ অভিযান চলাবলৈ চীনে কেনেদেৰে অপৰাধী চুক্তি হেকাৰ( criminal contract hackers) প্ৰয়োগ কৰে সেই সকলোখিনি তেওঁলোকে উন্মোচন কৰিব ৷ বিষয়াসকলে কৰা অভিযোগ অনুসৰি, চীনে চলাই থকা এই ভাবুকিমূলক কাৰ্যকলাপসমূহৰ ভিতৰত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ যেনে- চাইবাৰ-সক্ষম ধন দাবী(cyber-enabled extortion), ক্ৰিপ্টো-জেকিং(crypto-jacking), বিত্তীয় লাভৰ বাবে সমগ্ৰ বিশ্বৰ ভুক্তভোগীৰ পৰা চুৰি ইত্যাদি প্ৰধান ৷

জানিব পৰা মতে, সংযুক্ত ৰাষ্ট্ৰ আৰু সহযোগী নেটৱৰ্কসমূহক লক্ষ্য কৰি লোৱাৰ সময়ত চীনে ব্যৱহাৰ কৰা 50 টাতকৈও অধিক কৌশল উন্মোচন কৰাৰ লগতে চীনে সৃষ্টি কৰিব পৰা ভাবুকিৰ সন্মুখীন হ'বলৈ কাৰিকৰী প্ৰশমনৰ বাবে পৰামৰ্শ প্ৰদান কৰিব ৷ ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থা(National Security Agency), চাইবাৰ সুৰক্ষা আৰু আন্তঃগাঁথনি সুৰক্ষা সংস্থা(Cybersecurity and Infrastructure Security Agency), ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেচন(Federal Bureau of Investigation ) - এনএছএ(NSA), চিআইএছএ(CISA), আৰু এফবিআই(FBI)এ মিলি চীনৰ এই কৌশল আৰু প্ৰক্ৰিয়া উন্মোচন কৰিব ৷

লগতে পঢ়ক: আফগানী সেনাৰ অভিযানত নিহত ৯৫০ৰো অধিক তালিবানী সন্ত্ৰাসবাদী

বিভাগীয় বিষয়াসকলে মন্তব্য কৰে যে, সংযুক্ত ৰাষ্ট্ৰই কাইলৈ গ্ৰহণ কৰিবলগীয়া পদক্ষেপে ৰাষ্ট্ৰপতিৰ প্ৰথম বিদেশ ভ্ৰমণৰ পৰা হোৱা অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি দেশখনে লোৱা পদক্ষেপৰ এক উদাহৰণ দাঙি ধৰিব ৷ মিত্ৰশক্তিৰ সৈতে সংযুক্ত ৰাষ্ট্ৰই এক উমৈহতীয়া চাইবাৰ দৃষ্টিভংগী আগবঢ়োৱা বুলি মন্তব্য কৰি বিষয়াসকলে লগতে এইবুলিও কয় যে, চাইবাৰস্পেছত দায়িত্বশীল ৰাষ্ট্ৰসমূহে যিধৰণে আচৰণ কৰে তাৰ ওপৰত তেওঁলোকে স্পষ্ট প্ৰত্যাশা ৰাখিছে ৷ উল্লেখ্যে যে, আমেৰিকান লোকসকলৰ লগতে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ বাবে ই এক চাইবাৰ অভিযান চলাইছিল ৷

এই অভিযানৰ জৰিয়তে এক্সচেঞ্জ চাৰ্ভাৰৰ দুৰ্বলতাৰ জৰিয়তে ৰেনছমৱেৰ আক্ৰমণ(ransomware attacks) বা অন্যান্য ক্ষতিকাৰক উদ্দেশ্যৰ বাবে ব্যৱহৃত যিকোনো ধৰণৰ প্ৰণালীক প্ৰতিহত কৰাৰ বাবে এক সক্ৰিয় নেটৱৰ্ক প্ৰতিৰক্ষা পদক্ষেপ লোৱা বুলি বিগত এপ্ৰিল মাহতে সংযুক্ত ৰাষ্ট্ৰই ঘোষণা কৰিছিল ৷ ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰখনে এই কথা ঘোষণা কৰিছিল যে, মাইক্ৰ'ছফ্ট এক্সচেঞ্জ চাৰ্ভাৰ ছফ্টৱেৰত তেওঁলোকে কিছুমান অতিৰিক্ত দুৰ্বলতা চিনাক্ত কৰিছিল আৰু বিপদাশংকা হ্ৰাস কৰাৰ বাবেও কিছু পদক্ষেপ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: আফগানিস্তানৰ পৰা মাৰ্কিন সৈন্য প্ৰত্যাহাৰ: হুছেইন আকবৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.