ETV Bharat / international

আমেৰিকাৰ ন্যায় বিভাগৰ নতুন এট'ৰ্ণী জেনেৰেল মেৰিক গাৰ্লেণ্ড - New US attorney general to lead the Justice Department

আমেৰিকাৰ ন্যায় বিভাগৰ নেতৃত্বৰ বাবে মেৰিক গাৰ্লেণ্ডক নতুন এট'ৰ্ণী জেনেৰেল হিচাপে নিৰ্বাচিত কৰা হৈছে। বুধবাৰে চিনেটৰসকলে গাৰ্লেণ্ডৰ মনোনয়নত ৭০-৩০ ভোট প্ৰদান কৰে ।

আমেৰিকাৰ ন্যায় বিভাগৰ নতুন এট'ৰ্ণী জেনেৰেল মেৰিক গাৰ্লেণ্ড

author img

By

Published : Mar 11, 2021, 3:23 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১১ মাৰ্চ: ৰাষ্ট্ৰপতি জ' বাইডেনৰ ঘৰুৱা নীতি কাৰ্যসূচীৰ ক্ষেত্ৰত মূখ্য ভূমিকা গ্ৰহণৰ উদ্দেশ্যে ন্যায় বিভাগৰ নেতৃত্বৰ বাবে আমেৰিকাৰ চিনেটে মেৰিক গাৰ্লেণ্ডক এট'ৰ্ণী জেনেৰেল হিচাপে নিশ্চিত কৰিবলৈ ভোট দিয়ে । গাৰ্লেণ্ডৰ মনোনয়নক লৈ চিনেটসকলে ৭০-৩০ ভোট প্ৰদান কৰে । য'ত বিৰোধীৰো ভোট সংযুক্ত আছিল । আনহাতে ২০ গৰাকী ৰিপাব্লিকান চিনেটৰে প্ৰায় পাঁচ বছৰ আগতে তেতিয়াৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ দ্বাৰা বাছনি কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মনোনীত ব্যক্তিৰ পক্ষত ভোট দিবলৈ ডেম’ক্ৰেটছত যোগদান কৰিছিল ।

চিনেট সংখ্যালঘু নেতা মিটছ মেককনেলে ভোট প্ৰদান কৰি কয় যে গাৰ্লেণ্ডৰ দীঘলীয়া আইনী যাত্ৰাৰ লগতে খ্যাতি সম্পন্ন ন্যায়াধীশগৰাকীৰ বিজয় নিশ্চিত কৰিবলৈ তেওঁ ভোট প্ৰদান কৰিছে । ৰিপাব্লিকানৰ শীৰ্ষ চিনেট এগৰাকীয়ে জনোৱা মতে তেওঁ আশা কৰে যাতে এট'ৰ্ণী জেনেৰেলজনে ন্যায় বিভাগ আৰু দেশখনে সন্মুখীন হোৱা গুৰুতৰ প্ৰত্যাহ্বানৰ প্ৰতি কোনো অৰ্থহীন দৃষ্টিভংগী প্ৰয়োগ নকৰে ।

আনহাতে, ভোট প্ৰদানৰ পূৰ্বে চিনেটৰ সংখ্যাগৰিষ্ঠ নেতা চাক স্কুমাৰে উল্লেখ কৰে যে মেৰিক গাৰ্লেণ্ডৰ দৰে এগৰাকী ব্যক্তিক ন্যায় বিভাগৰ দায়িত্বত দেখি তেওঁলোক যথেষ্ট আশাবাদী । তেওঁ বুজি পাইছে যে এট'ৰ্ণী জেনেৰেলৰ কাম হৈছে আইনৰ ৰক্ষা কৰা যিটো ড'নাল্ড ট্ৰাম্পৰ সময়ৰ এট'ৰ্ণী জেনেৰেলৰ দিনত হোৱা নাছিল । ইফালে নিশ্চিতকৰণ প্ৰক্ৰিয়াৰ মাজতে ৬৮ বছৰীয়া গাৰ্লেণ্ডে বাইডেনৰ পৰা স্বাধীন হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখ্য যে, যোৱা মাহত গাৰ্লেণ্ডে শুনানিৰ সময়ত কৈছিল যে তেওঁ এগৰাকী আমেৰিকাৰ অধিবক্তা সেয়ে তেওঁ নিজৰ সকলো শক্তি প্ৰয়োগ কৰিব যাতে যিকোনো গোচৰৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ হ'ব নোৱাৰে । গাৰ্লেণ্ডে উল্লেখ কৰা মতে তেওঁৰ প্ৰাথমিকতা হ'ব কেপিটল আক্ৰমণৰ ঘটনা । এই ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদান কৰাৰ পৰা তেওঁ কেতিয়াও বিচলিত নহয় । গাৰ্লেণ্ডৰ সন্মুখত আন কেইবাটাও প্ৰত্যাহ্বান আছে তাৰ ভিতৰত আৰক্ষী সংস্কাৰৰ পৰা অনুপ্ৰৱেশকাৰীৰ বিষয়বোৰ । ন্যায় বিভাগৰ অসামৰিক অধিকাৰ প্ৰৱৰ্তন আৰু অপৰাধী ন্যায় সংস্কাৰৰ বাবে বাইডেনৰ পৰিকল্পনা প্ৰণয়ন কৰাতো গুৰুত্বপূৰ্ণ হ'ব ।

ইফালে গাৰ্লেণ্ড ১৯৯৭ চনৰ পৰা কলম্বিয়া জিলাৰ বাবে ইউএছ চাৰ্কিট আদালতৰ ন্যায়াধীশ আছিল । তেওঁ ২০১৩ চনৰ পৰা ২০২০ লৈ ইয়াৰ মুখ্য ন্যায়াধীশো আছিল । ২০১৬ চনৰ আৰম্ভণিতে ন্যায়াধীশ আণ্টোনিন স্কেলিয়াৰ মৃত্যুৰ ফলত খালী হৈ থকা উচ্চতম ন্যায়ালয়ৰ আসন পূৰণ কৰিবলৈ তেওঁক অ'বামাই মনোনীত কৰিছিল । তেতিয়া চিনেটৰ নেতৃত্ব থকা ৰিপাব্লিকানসকলে গাৰ্লেণ্ডক ভোট দিবলৈ অস্বীকাৰ কৰিছিল ।

লগতে পঢ়ক: COVID-১৯ ৰ প্ৰতিষেধক বিনামূলীয়াকৈ লাভ কৰিব পাকিস্তানে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.