ETV Bharat / international

ভাৰতীয় নৌ সেনাত সংযোজিত হ’ল আমেৰিকাৰ পৰা ক্ৰয় কৰা MH60R হেলিকপ্টাৰ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বি-পাক্ষিক প্ৰতিৰক্ষা সম্পৰ্কত নতুন সংযোজন ৷ ভাৰতীয় নৌ সেনাই (Indian navy) যুক্তৰাষ্ট্ৰ লকহিড মাৰ্টিন(Lockheed Martin) নামৰ প্ৰতিষ্ঠানটোৰ পৰা ক্ৰয় কৰিলে 24 খন এম এইচ 60আৰ (M60R) হেলিকপ্টাৰ ৷

author img

By

Published : Jul 17, 2021, 1:44 PM IST

US Navy hands over MH-60R helicopters to India
ভাৰতীয় নৌসেনাত সংযোজিত হ’ল আমেৰিকাৰ পৰা ক্ৰয় কৰা MH60R হেলিকপ্টাৰ

ইন্টাৰনেচনেল ডেস্ক, 17 জুলাই : ভাৰতীয় নৌসেনাত (Indian navy) সংযোজন ঘটিল নতুন হেলিকপ্টাৰৰ । ভাৰতীয় নৌ সেনাই আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ বিদেশী সামৰিক বিক্ৰী (foreign military sales) প্ৰক্ৰিয়াৰ অধীনত লকহিড মাৰ্টিন (Lockheed Martin) নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা ২৪ খন হেলিকপ্টাৰ ক্ৰয় কৰিছে ৷ এই হেলিকপ্টাৰ কেইখন ভাৰতীয় নৌ সেনাই আনুমানিক ২.৪ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় সাপেক্ষে ক্ৰয় কৰিছে । শুকুৰবাৰে, চান ডিয়েগোৰ নেভেল এয়াৰ ষ্টেচন নৰ্থ আইলেণ্ড (Naval Air Station North Island) চমুকৈ এন এ এছ নৰ্থ আইলেণ্ড (NAS North Island)ত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান আনুষ্ঠানিকভাৱে এই হেলিকপ্টাৰসমূহ ভাৰতক হস্তান্তৰ কৰে আমেৰিকাই ৷

অনুষ্ঠানটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুও উপস্থিত আছিল ৷ অনুষ্ঠানটোত যুক্ত ৰাষ্ট্ৰৰ নৌ সেনাবাহিনীৰ কমাণ্ডাৰ ভাইচ এডিএম(vice ADM)কেনেথ হোৱাইটচেল আৰু ডিচিএনএছ(DCNS)ৰ উপ-এডিএম ৰৱনীত সিঙৰ মাজত নথি-পত্ৰৰ আদান-প্ৰদানেও স্থান লয় ৷ এই অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনা আৰু লকহিড মাৰ্টিন কৰ্পোৰেচনৰ জ্যেষ্ঠ নেতৃত্বও উপস্থিত আছিল ।

সান্ধুৱে কয় যে, ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বি-পাক্ষিক প্ৰতিৰক্ষা সম্পৰ্কত প্ৰতিকূল বতৰ সাপেক্ষ হেলিকপ্টাৰ (all-weather multi role helicopter)অন্তৰ্ভুক্ত কৰাটো এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব । এক টুইট যোগে সান্ধুৱে উল্লেখ কৰে যে, বিগত কেইবছৰমানত দেশ দুখনৰ দ্বি-পাক্ষিক প্ৰতিৰক্ষা বাণিজ্য ২০ বিলিয়ন ডলাৰৰ ওপৰলৈ সম্প্ৰসাৰিত হৈছে ।

ভাৰতীয় নৌ-সেনাই ক্ৰয় কৰা এম এইচ 60আৰ (MH60R) হেলিকপ্টাৰকেইখন সকলো বতৰৰ বাবে উপযোগ্য হেলিকপ্টাৰ যাক, অত্যাধুনিক এভিওনিক্সৰ সৈতে একাধিক অভিযানত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই হেলিকপ্টাৰসমূহ অন্তৰ্ভুক্ত হোৱাৰ পিছত ভাৰতীয় নৌ সেনাৰ ত্ৰিমাত্ৰিক ক্ষমতা (three-dimensional capabilities) বৃদ্ধি হ'ব । প্ৰতিৰক্ষা বিভাগৰ মতে, প্ৰস্তাৱিত চুক্তিটোৱে ভাৰতক এন্টি চাৰফেচ আৰু এণ্টি-চাবমেৰিন(anti-submarine) যুদ্ধ অভিযান সম্পাদন কৰাৰো সামৰ্থ্য প্ৰদান কৰিব ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত কিডনী ব্যৱসায়ী চক্ৰৰ অন্যতম অভিযুক্ত নিতু দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.