ETV Bharat / international

জলবায়ু পৰিৱৰ্তনক লৈ বাইডেনৰ মন্তব্য

author img

By

Published : Jan 28, 2021, 5:41 PM IST

জলবায়ু পৰিৱৰ্তনৰ প্ৰতি আমেৰিকাই বিশ্বব্যাপী সঁহাৰি জনাব লাগে । জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বিশ্বক একত্ৰিত সঁহাৰিৰ প্ৰয়োজন । ৱাশ্বিংটনে বিশ্বব্যাপী সঁহাৰিৰ নেতৃত্ব দিব । এই মন্তব্য আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জ' বাইডেনৰ ।

জ' বাইডেন
জ' বাইডেন

নিউজ ডেস্ক, ২৮ জানুৱাৰী: ফেডাৰেল ভূমিত তেল আৰু গেছ শোষণৰ নতুন পট্টা বন্ধ কৰিবলৈ এক কাৰ্যবাহী নিৰ্দেশনাৰ স্বাক্ষৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে । স্বাক্ষৰ কৰি বাইডেনে বুধবাৰে এক সংবাদমেলযোগে জলবায়ু পৰৱৰ্তনৰ প্ৰতি আমেৰিকাই বিশ্বব্যাপী সঁহাৰি জনাব লাগে । জলবায়ু পৰৱৰ্তনৰ প্ৰতি বিশ্বক একত্ৰিত সঁহাৰিৰ প্ৰয়োজন । ৱাশ্বিংটনে বিশ্বব্যাপী সঁহাৰিৰ নেতৃত্ব দিব বুলি মন্তব্য কৰে ।

ইয়াৰোপৰি ৰাজহুৱা ভূমি আৰু অফশোৰ পানীত তেল আৰু গেছৰ বাবে নতুন পট্টা জাৰি কৰা বন্ধ কৰিবলৈ বিভাগীয় সচিবক নিৰ্দেশ জাৰি কৰা বুলিও জনায় বাইডেনে । বাইডেন প্ৰশাসনে ফ্ৰেকিং (ড্ৰিলিং ডাউন) নিষিদ্ধ নহয় কিন্তু মিথেন নিৰ্গমনৰ বাবে ইয়াৰ শক্তিশালী মানদণ্ড উন্নত থাকিব বুলি এই সংবাদমেলতে জনায় বাইডেনে ।

বাইডেন প্ৰশাসনে শেহতীয়া নিৰ্দেশনাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৱেষ্টাৰ্ণ এনাৰ্জি এলায়েঞ্চে আমেৰিকা চৰকাৰৰ ফেডাৰেল ভূমিত তেল আৰু গেছৰ অৱস্থিতিৰ ক্ষেত্ৰত অস্থায়ীভাৱে বন্ধ কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক:ইজৰাইল সেনাৰ হাতত নিহত পেলিস্তিয়ান আক্ৰমণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.