ETV Bharat / international

ট্ৰাম্পৰ দৰদঃ ইমৰানক দিলে 125 মিলিয়ন ডলাৰ

author img

By

Published : Jul 28, 2019, 2:39 PM IST

অৰ্থনৈতিকভাৱে জৰ্জৰিত পাকিস্তানক সকাহ দিলে আমেৰিকাই ৷ প্ৰধানমন্ত্ৰী ইমৰান খানৰ আমেৰিকা ভ্ৰমণৰ পিচতেই পাকিস্তানলৈ আৰ্থিক সাহাৰ্য কথা ঘোষণা কৰিছে ট্ৰাম্প প্ৰশাসনে ৷

F16 Jet

নিউজ ডেস্ক, 28 জুলাইঃ পাকিস্তান প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ পিচতেই দুয়োখন দেশৰ মাজৰ সামৰিক-সম্পৰ্কই উন্নতি লাভ কৰিছে ৷ শেহতীয়াকৈ হোৱাইট হাউছে ইছলামাবাদলৈ ঘোষণা কৰিছে 125 মিলিয়ন ডলাৰৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ৷ F16 যুদ্ধবিমানৰ 24x7 নিৰীক্ষণ কৰিবলৈ আমেৰিকাই এইদৰে পাকিস্তানক বৃহৎ পৰিমাণৰ ধন দিবলৈ ৰাজী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

ট্ৰাম্পৰ দৰদঃ ইমৰানক দিলে 125 মিলিয়ন ডলাৰ

আমেৰিকাৰ প্ৰতিৰক্ষা সুৰক্ষা সংস্থাৰ দ্বাৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে দেশখনে ৷ বিজ্ঞপ্তিটোত স্পষ্টৰূপে উল্লেখ আছে যে, পাকিস্তানৰ F16 যুদ্ধবিমান শান্তিৰক্ষী আঁচনিৰ বাবে প্ৰযুক্তিগত আৰু সামগ্ৰীগত সাহাৰ্যৰূপে আমেৰিকাই 125 মিলিয়ন ডলাৰ আগবঢ়াব ৷ এইক্ষেত্ৰত আমেৰিকাই দেশখনৰ F16 যুদ্ধবিমানক 24x7 নিৰীক্ষণত ৰাখিব ৷ অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা পাকিস্তানৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ ওলোৱা আমেৰিকাৰ জটিল চুক্তি অনিচ্ছাস্বত্ত্বেও গ্ৰহণ কৰিছে পাকিস্তানে ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ আমেৰিকাৰ পৰা ক্ৰয় কৰা পাকিস্তানৰ F16 যুদ্ধবিমান চুক্তিক লৈ বিগত বৰ্ষতো বিতৰ্কৰ সৃষ্টি হৈছিল ৷ আমেৰিকাৰ দাবী অনুসৰি পাকিস্তানে সন্ত্ৰাসবাদ প্ৰতিৰোধত ব্যৰ্থ হোৱাৰ বিপৰীতে চুক্তি অৱলম্বন কৰি অন্যান্য আক্ৰমণমূলক কামত F16 যুদ্ধবিমান ব্যৱহাৰ কৰি আহিছে আৰু সেয়া ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ সময়টো পৰিলক্ষিত হৈছিল ৷ যাৰ বাবে আমেৰিকাই পাকিস্তানলৈ 1.66 বিলিয়ন অৰ্থনৈতিক সাহাৰ্য্য বাতিল কৰিছিল ৷ বালাকোট এয়াৰ ষ্ট্ৰাইকৰ পিচতে পঞ্চম প্ৰজন্মৰ উন্নত ক্ষমতাসম্পন্ন আমেৰিকান F16 যুদ্ধবিমান ভাৰতৰ প্ৰথম প্ৰজন্মৰ আঁওপুৰণি মিগ 21 বাইছনে ভূপতিত কৰিছিল আৰু তাৰ প্ৰমাণ বিশ্ববাসীৰ আগতো প্ৰদৰ্শন কৰিছিল ভাৰতে ৷

Intro:Post Pakistani Prime Minister Imran Khan's meet with President Trump at the White House, the U.S State Department has approved military sales of $125 million that would result in 24×7 monitoring of the F-16 fighter jets of Pakistan.

Body:United States' Defense Security Agency Cooperation in its press statement said, 'the Government of Pakistan requested a continuation of technical and logistical support to assist in the the oversight operations in support of the Pakistan Peace Drive advanced F-16 program.'

Only last year, the Trump administration had suspended a total $1.66 billion security assistance given to Pakistan after U.S President criticized Islamabad for their lack of effort in fighting against terrorism.

Conclusion:Remember, Pakistan used F16 post Indian Air Force's air strike at Jaish-e-Mohammad camp in Balakot. In the air battle, India's MIG 21 Bison shot down Pakistan's F-16.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.