ETV Bharat / international

ট্ৰাম্পৰ ভাৰত ভ্ৰমণঃ ‘এয়াৰ ফ’ৰ্চ ৱান’ আৰু ‘দ্য বিষ্ট’ সম্পৰ্কে কিছু তথ্য

author img

By

Published : Feb 23, 2020, 4:30 PM IST

Updated : Feb 23, 2020, 5:52 PM IST

দুদিনীয়া ভ্ৰমণসূচী লৈ পত্নী মেলেনিয়া ট্ৰাম্পৰ সৈতে 24 আৰু 25 ফেব্ৰুৱাৰীত আমেৰিকান বায়ুসেনাৰ বিশেষ বিমান ‘এয়াৰ ফ’ৰ্চ ৱানে’ৰে ভাৰত ভ্ৰমণৰ বাবে আহিব বিশ্বৰ সকলোতকৈ প্ৰভাৱশালী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ 24 ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদত উপস্থিত হোৱাৰ পিছতে তেওঁৰ 1.5 মিলিয়ন ডলাৰৰ চেভেন চিটাৰ লিমৌচিন বাহন ‘দ্য বিষ্টে’ৰে নৱনিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম ম’টেৰাত উপস্থিত হ’ব ৷ ‘এয়াৰ ফ’ৰ্চ ৱান’ আৰু ‘দ্য বিষ্ট’ দুয়োখনেই বিশ্ব প্ৰসিদ্ধ আৰু ব্যতিক্ৰম ৷

Trump India Visit: Know all about 'Air Force One' and 'The Beast'
ট্ৰাম্পৰ ভাৰত ভ্ৰমণঃ ‘এয়াৰ ফ’ৰ্চ ৱান’ আৰু ‘দ্য বিষ্ট’ সম্পৰ্কে কিছু তথ্য

ইন্টাৰনেশ্যনেল ডেস্ক, 23 ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু মাত্ৰ কেইঘন্টামান পিছতে প্ৰথমবাৰৰবাবে উপস্থিত হ’ব ভাৰতবৰ্ষত ৷ দুদিনীয়া ভ্ৰমণসূচী লৈ পত্নী মেলেনিয়া ট্ৰাম্পৰ সৈতে 24 আৰু 25 ফেব্ৰুৱাৰীত আমেৰিকান বায়ুসেনাৰ বিশেষ বিমান ‘এয়াৰ ফ’ৰ্চ ৱানে’ৰে ভাৰত ভ্ৰমণৰ বাবে আহিব বিশ্বৰ সকলোতকৈ প্ৰভাৱশালী ৰাষ্ট্ৰপতিগৰাকী ৷ 24 ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদত উপস্থিত হোৱাৰ পিছতে তেওঁৰ 1.5 মিলিয়ন ডলাৰৰ চেভেন চিটাৰ লিমৌচিন বাহন ‘দ্য বিষ্টে’ৰে নৱনিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম ম’টেৰাত উপস্থিত হ’ব ৷ ‘এয়াৰ ফ’ৰ্চ ৱান’ আৰু ‘দ্য বিষ্ট’ দুয়োখনেই বিশ্ব প্ৰসিদ্ধ ব্যতিক্ৰম ৷ আহক এই সম্পৰ্কে জানো কিছু কথাঃ

এয়াৰ ফ’ৰ্চ ৱানঃ

এয়াৰ ফ’ৰ্চ ৱান মানেই উৰন্ত হোৱাইট হাউচ ৷ মাৰ্কিন ৰাষ্ট্ৰপতিৰ বিমান এয়াৰ ফ’ৰ্চ ৱান বিশ্বৰ এক অন্যতম সুৰক্ষিত স্থান বুলিব পাৰি ৷ বিশ্বৰ যিকোনো কোণৰ পৰাই এয়াৰ ফ’ৰ্চ ৱানে মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰতিটো মুহূৰ্তই পৰ্যবেক্ষণ কৰে ৷

মাৰ্কিন ৰাষ্ট্ৰপতি তথা সংস্কৃতিত এয়াৰ ফ’ৰ্চ ৱান অন্যতম শক্তিশালী প্ৰতীক চিহ্ন ৷ ‘ইউনাইটেড ষ্টেটচ অফ আমেৰিকা’ নামেৰ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰপতিৰ চীলৰে সমৃদ্ধ সমগ্ৰ বিশ্বৰ আকাশত উৰন্তভাৱে জিলিকি থকা অন্য এক নামেই হ’ল এয়াৰ ফ’ৰ্চ ৱান ৷

এয়াৰ ফ’ৰ্চ ৱান ভৱিষ্যৎ প্ৰজন্মৰ কাৰিকৰী কৌশলেৰে সু-সুজ্জিত আটাইতকৈ শক্তিশালী বিমান ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে এক অন্যতম সুৰক্ষিত স্থানেই হৈছে এয়াৰ ফ’ৰ্চ ৱান ৷

এয়াৰ ফ’ৰ্চ ৱান

4000 বৰ্গ ফুটৰ এয়াৰ ফ’ৰ্চ ৱান বিমানখন তিনিটা মহলাৰে নিৰ্মিত ৷ ইয়াৰে ৰাষ্ট্ৰপতিৰ বাবে এক বিশাল কাৰ্যালয় সমন্বিতে ই তিনিটা বিভাগত বিভক্ত ৷ ইয়াত কনফাৰেন্স কক্ষৰ উপৰিও চিকিৎসকসহ উচ্চ পৰ্যায়ৰ চিকিৎসা কক্ষও অন্তৰ্ভুক্ত ৷ ইয়াৰোপৰি তাত দুটা খাদ্য গেলাৰী আছে য’ত 100 গৰাকী লোকে একেলগে খাদ্য গ্ৰহণ কৰিব পাৰে ৷

এয়াৰ ফ’ৰ্চ ৱানখন উৰি থকাৰ সময়ত তাৰ চৌপাশে আন কেইবাখনো কাৰ্গো বিমানেৰে সুৰক্ষা প্ৰদান কৰা হয় ৷ বিমানখনত থকা মাৰ্কিন ৰাষ্ট্ৰপতিয় বিমান গ্ৰুপ হোৱাইট হাউচ মিলিটেৰী অফিচৰ দ্বাৰা পৰিচালিত হয় আৰু বিমানখন পৰিচালিত কৰে ৷

দ্য বিষ্টঃ

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰপতিয় ব্যতিক্ৰমী তথা বিশেষ বাহন যি বিভিন্ন কাৰিকৰী কৌশলেৰে নিৰ্মিত য’ত ৰাষ্ট্ৰপতিগৰাকীক সুৰক্ষিত কৰি ৰাখে 28 ছেপ্তেম্বৰ 2018 চনত ইয়াক মুকলি কৰা হৈছিল ৷ মাৰ্কিন ডলাৰ 1.5 মিলিয়ন দৰৰ এই ‘দ্য বিষ্ট’ নামৰ বাহনখন পূৰ্বৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই ব্যৱহাৰ কৰা বাহনখনৰ সলনি কৰি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ৷

‘দ্য বিষ্ট’

এয়াৰ ফ’ৰ্চ ৱানৰ দৰে দ্য বিষ্ট বাহনখনো এক অন্যতম শক্তিশালী সু-সজ্জিত বাহন ৷ য’ত বুলেট প্ৰুফ ব্যৱস্থা, চকাৰ পাংচাৰ প্ৰতিহত ব্যৱস্থাৰ উপৰিও 5 তৰপীয়া গ্লাছৰে নিৰ্মিত এখন শক্তিশালী বাহন ৷ লগতে ই বোমা প্ৰতিৰোধী হোৱাৰ লগতে ৰাসায়নিক পদাৰ্থৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰিব পৰা এখন সম্পূৰ্ণৰূপে সুৰক্ষিত বাহন ৷

ইয়াৰোপৰি বাহনখন অত্যাধুনিক প্ৰযুক্তি তথা সামৰিক ব্যৱস্থাৰে সষ্টম এখন ব্যতিক্ৰমী বাহন ৷ যি যিকনো পৰিস্থিতিতে আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম ৷ ইয়াৰোপৰি বাহনখনত চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো উন্নত মানৰ ব্যৱস্থাও উপলব্ধ ৷

মুঠৰ ওপৰত সকলো অত্যাধুনিক ব্যৱস্থাৰে নিৰ্মিত এখন সৰ্বোত্তম শক্তিশালী বাহন আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা ‘দ্য বিষ্ট’ ৷

আৰু পঢ়কঃমাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ হোৱাইট হাউচত আলোচনা চক্ৰ

Last Updated : Feb 23, 2020, 5:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.