ৱাশ্বিংটন , 7 মে' : গল্ফ খেলুৱৈ টাইগাৰ উডচলৈ 'মেডেল অৱ ফ্ৰিডম' সন্মান ৷ খেলুৱৈগৰাকীক আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷
লগতে পঢ়ক : পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব নীটৰ বঞ্চিত পৰীক্ষাৰ্থীয়ে
এই বঁটা লাভ কৰা চতুৰ্থজন পেছাদাৰী গল্ফাৰ হিচাপে পৰিগণিত হোৱা টাইগাৰ উডে বঁটা লাভ কৰি আৱেগিক হৈ পৰে ৷ দেশখনৰ নিৰাপত্তা ,বিশ্বশান্তি , সাংস্কৃতিক ক্ষেত্ৰ , ৰাষ্ট্ৰীয় স্বাৰ্থ তথা বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক সন্মান জনাই এই বঁটা আগবঢ়োৱা হয় ৷