ETV Bharat / international

ট্ৰাম্প প্ৰশাসনৰ ভেকচিনেচন প্ৰক্ৰিয়া কাৰ্যসূচীতকৈ বহু পিছ পৰি আছেঃ জ’ বাইডেন - ট্ৰাম্প প্ৰশাসনৰ ভেকচিনেচন প্ৰক্ৰিয়া

মঙলবাৰে নিজৰ এক ভাষণত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে কয়,"কৰ’ণাৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসন নিৰ্ধাৰিত কাৰ্যসূচীতকৈ বহু পিছ পৰি আছে ৷ এই ক্ষেত্ৰত মই আমাৰ শুদ্ধ দিশত পৰিচালিত কৰিবলৈ স্বৰ্গ-মৰ্ত্য একাকাৰ কৰি দিম ৷"

Trump admin's vaccine roll-out is falling behind:Joe Biden
ট্ৰাম্প প্ৰশাসনৰ ভেকচিনেচন প্ৰক্ৰিয়া কাৰ্যসূচীতকৈ বহু পিছ পৰি আছেঃজ’ বাইডেন
author img

By

Published : Dec 30, 2020, 12:30 PM IST

Updated : Dec 30, 2020, 1:00 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,30 ডিচেম্বৰ: ক’ভিড 19ৰ ভেকচিন বিতৰণ সন্দৰ্ভত ড’নাল্ড ট্ৰাম্প নেতৃত্বাধীন প্ৰশাসনক সমালোচনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সদ্য নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ৷ এই ভেকচিনেচন প্ৰক্ৰিয়া নিৰ্ধাৰিত কাৰ্যসূচীতকৈ পিছ পৰি থকা বুলি মন্তব্য বাইডেনৰ ৷ বাইডেনে কয়,এই ভেকচিন অভিযান আমি এক ৰাষ্ট্ৰ হিচাপে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ৷ এই বৰ্ষৰ ডিচেম্বৰৰ অন্তিমটো দিনলৈকে ট্ৰাম্প প্ৰশাসনে প্ৰায় 20 মিলিয়ন লোকক ভেকচিন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু নিৰ্মূল কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈকে দেশখনত কেৱল 2.1 মিলিয়ন লোককহে ভেকচিন প্ৰদান কৰা হৈছে ৷

মঙলবাৰে নিজৰ এক ভাষণত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে কয়, "কৰ’ণাৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসন নিৰ্ধাৰিত কাৰ্যসূচীতকৈ বহু পিছ পৰি আছে ৷ এই ক্ষেত্ৰত মই আমাক শুদ্ধ দিশত পৰিচালিত কৰিবলৈ স্বৰ্গ-মৰ্ত্য একাকাৰ কৰি দিম ৷" আনহাতে,বাইডেনৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, ‘ফেডাৰেল চৰকাৰখনে ভেকচিন প্ৰদানৰ পিছত এইয়া ৰাজ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে ভেকচিন বিতৰণ কৰে নে নাই ৷’ ট্ৰাম্পে আৰু কয়, ‘আমি কেৱল ভেকচিন উদ্ভাৱনেই কৰা নাই,এই সমগ্ৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত ধনৰ যোগাৰ কৰিছো কিন্তু শেষত সকলো ৰাজ্যসমূহৰ হাতত অৰ্পণ কৰিছো ৷’

উল্লেখ্য 20 জানুৱাৰীত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ কাৰ্যভাৰ গ্ৰহণৰ 100 দিনৰ ভিতৰতে বাইডেনে 100 মিলিয়ন আমেৰিকানক ক’ভিড 19ৰ ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰিত কৰিছে ৷ এই লক্ষ্যত উপনীত হ’বলৈ বৰ্তমানৰ হিচাপত 5ৰ পৰা 6 গুণ তীব্ৰতাৰে কাম কৰিব লাগিব ৷ এই ক্ষীপ্ৰতাৰ দ্বাৰাও সৰহ সংখ্যক আমেৰিকনক ভেকচিন প্ৰদান কৰিবলৈ কেইবামাহৰ প্ৰয়োজন হ’ব ৷

লগতে পঢ়ক-আমেৰিকাত ক'ৰণাৰ নতুন প্ৰবাহত আক্ৰান্ত প্ৰথমজন চিনাক্ত

Last Updated : Dec 30, 2020, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.