নিউজ ডেক্স, 2 ডিচেম্বৰ:দেওবাৰে ব্ৰডৱে শ্ব' "ওকলাহোমা"ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিনটনে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত বিল ক্লিনটন আৰু পত্নী হিলাৰী ক্লিনটন উপস্থিত থাকে ৷ উল্লেখ্য যে বিল ক্লিনটনে খোজকাঢ়ি গৈ প্ৰাক্তন চিনেটৰ আৰু নিজ পত্নীক সাক্ষাৎ কৰে ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীক অনুষ্ঠানত উষ্ম আদৰণি জনায় ৷ অনুষ্ঠানৰ শেষত জনপ্ৰিয় অভিনেত্ৰী মেৰী টেষ্টাই এইডছ মহামাৰীৰ বিৰুদ্ধে কাম কৰি অহা ক্লিনটন আৰু ডা ক্লিনটন ফাউণ্ডেচনক ধন্যবাদ জনায় ৷
আৰু পঢ়ক : আন্ত:ৰাষ্ট্ৰীয় গাণিতিক বুদ্ধিমত্তাৰ পৰীক্ষাত বৰপেটাৰোডৰ শিশুৰ সাফল্য