ETV Bharat / international

ভাৰতৰ কৃষক বিদ্ৰোহ সন্দৰ্ভত পম্পিঅ'লৈ পত্ৰ ৭ গৰাকী মাৰ্কিন আইন প্ৰণেতাৰ

ভাৰতত চলি থকা কৃষক বিদ্ৰোহ সন্দৰ্ভত সচিব মাইক পম্পিঅ'লৈ পত্ৰ প্ৰেৰণ কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৭ গৰাকী প্ৰভাৱশালী আইন প্ৰণেতাই । পত্ৰখনত আইন প্ৰণেতাসকলে উল্লেখ কৰিছে যে, ৰাজনৈতিক প্ৰতিবাদ ৰোধৰ ক্ষেত্ৰত অভিজ্ঞ আমেৰিকাই বৰ্তমান ভাৰতত চলি থকা সামাজিক অস্থিৰতাৰ সময়ত পৰামৰ্শ আগবঢ়াব পাৰে ।

ভাৰতৰ কৃষক বিদ্ৰোহ সন্দৰ্ভত পম্পিঅ'লৈ পত্ৰ ৭ গৰাকী মাৰ্কিন আইন প্ৰণেতাৰ
ভাৰতৰ কৃষক বিদ্ৰোহ সন্দৰ্ভত পম্পিঅ'লৈ পত্ৰ ৭ গৰাকী মাৰ্কিন আইন প্ৰণেতাৰ
author img

By

Published : Dec 25, 2020, 6:01 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: তিনিখনকৈ কৃষি আইনৰ বিৰোধিতাৰে ভাৰতত কৃষকসকলে অব্যাহত ৰখা প্ৰতিবাদক লৈ চিন্তা ব্যক্ত কৰি আমেৰিকাৰ ৭ গৰাকী প্ৰভাৱশালী আইন প্ৰণেতাই । এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি আইন প্ৰণেতা কেইগৰাকীয়ে সচিব মাইক পম্পিঅ'লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । আমেৰিকাৰ এই ৭ জনীয়া আইন প্ৰণেতাৰ দলটোত আছে ভাৰতীয় মূলৰ মাৰ্কিন কংগ্ৰেছ মহিলা জয়পাল ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই চলিত মাহৰ আৰম্ভণিতে কৈছিল যে, আমি ভাৰতীয় কৃষকক লৈ কৰা কিছুমান ভুল মন্তব্য প্ৰত্যক্ষ কৰিছে । এনে মন্তব্য কৰা অনুচিত । বিশেষকৈ ই কোনো এখন গণতান্ত্ৰিক দেশৰ আভ্যন্তৰীণ বিষয়ক প্ৰভাৱিত কৰে । যোৱা ২৩ ডিচেম্বৰত আইন প্ৰণেতাই পম্পিঅ'লৈ প্ৰেৰণ কৰা পত্ৰ কোৱা হৈছে যে, "এয়া পঞ্জাৱৰে জড়িত শিখ সম্প্ৰদায়ৰ আমেৰিকাৰ নাগৰিকৰ বাবে চিন্তাৰ বিষয় ।"

ভাৰতীয় মূলৰ বহু মাৰ্কিন নাগৰিকৰ ওপৰত ভাৰতৰ কৃষক বিদ্ৰোহে প্ৰভাৱ পেলাইছে । পঞ্জাৱত থকা তেওঁলোকৰ পৰিয়ালক লৈ তেওঁলোক চিন্তিত হৈ পৰিছে । এনে কঠিন পৰিস্থিতিত আমেৰিকাই ভাৰত চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰি সমস্যাৰ সমাধানৰ পথ উলিয়াব পাৰে । কিয়নো, ৰাজনৈতিক বিদ্ৰোহৰ ৰোধ কৰাৰ ক্ষেত্ৰত আমেৰিকা অভিজ্ঞ ।

পত্ৰখনত কোৱা হৈছে যে, "আইন প্ৰণেতা হিচাপে আমি ৰাষ্ট্ৰীয় নীতি ৰূপায়ণৰ ক্ষেত্ৰত থকা ভাৰত চৰকাৰৰ অধিকাৰৰ প্ৰতি সন্মান কৰো । কৃষি আইনৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা ভাৰতীয়কো আমি সন্মান কৰো ।" উল্লেখ্য যে, পঞ্জাৱ, হাৰিয়ানা আৰু আন ৰাজ্যৰ পৰা আহি হাজাৰ হাজাৰ কৃষকে দিল্লীৰ সীমান্তত যোৱা ২৬ নৱেম্বৰৰ পৰা বিদ্ৰোহ অব্যাহত ৰাখিছে । আনহাতে, এতিয়াও চৰকাৰে এই আইন কৃষকৰ হিতৰ বাবে প্ৰণয়ন কৰা হৈছে বুলি দাবী কৰি আছে ।

ইতিমধ্যে কেইবাবাৰো কৃষক প্ৰতিনিধিৰে চৰকাৰৰ মন্ত্ৰীয়ে বৈঠকত মিলিত হৈছে । মাৰ্কিন আইন প্ৰণেতাৰ পত্ৰখনত জয়পালৰ উপৰিও ড'নাল্ড ন'ৰ'ক্ৰছ, ব্ৰেণডন এফ বয়েল, ব্ৰিয়ান ফিটজপেট্ৰিক, মেৰী গেই স্কেনলন, ডেব্বী দিংগেল আৰু ডেভিড ট্ৰ'নে । যোৱা কেইবা সপ্তাহ ধৰি আমেৰিকাৰ কংগ্ৰছৰ বহুতেই কৃষক বিদ্ৰোহক লৈ চিন্তা ব্যক্ত কৰি আহিছে । গণতান্ত্ৰিক মাৰ্কিন আইন প্ৰণেতা ডেভিড ট্ৰ'নে মঙলবাৰে ভাৰত চৰকাৰক প্ৰতিবাদকাৰী কৃষকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক:বৃটেইনত এপ্ৰিলৰ পাছত সৰ্বাধিক কৰ‘ণাত আক্ৰান্তৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.