ইন্টাৰনেশ্বনেল ডেস্ক, 27 ছেপ্টেম্বৰ : অৰ্থনৈতিক সংকটৰ গৰাহত পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান ৷ চীন আৰু চৌদি আৰৱৰ সমৰ্থন আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰা লাভ কৰা বৃহৎ লোনৰ পাছতো অৰ্থনৈতিক সংকট মষিমূৰ কৰিবলৈ সক্ষম হোৱা নাই পাকিস্থান ৷ 'ব্যৱসায় আৰু বিকাশ প্ৰতিবেদন, 2019' ৰ এছিয়া সম্পৰ্কত ৰাষ্ট্ৰসংঘই মন্তব্য কৰে যে, পাকিস্তান অৰ্থনৈতিক সংকটৰ গৰাহত যিহেতু দেশখনৰ উন্নয়নৰ হাৰ আধালৈ হ্ৰাস পাইছে আৰু ধাৰত বুৰ গৈছে সমগ্ৰ দেশ ৷
এই প্ৰতিবেদন অনুসৰি, চীনৰ ব্যৱসায়িক বিকাশতো অৱনতি দেখা পোৱা গৈছে ৷ ইয়াৰ প্ৰভাৱ পূৱ এছিয়া আৰু দক্ষিণ - পূৱ এছিয়াত বাৰুকৈয়ে পৰিব বুলি উল্লেখ কৰা হৈছে প্ৰতিবেদনখনত ৷
উল্লেখ্য যে, দূৰ্নীতিত নিমজ্জিত পাকিস্তানক উদ্ধাৰ আৰু দেশৰ অধোগামী হোৱা অৰ্থনৈতিক পৰিস্থিতিক উন্নত কৰাৰ শ্লো'গানেৰে জয়ী হৈছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ৷ কিন্তু, বাস্তৱত দেশখনত গেছ, তেলজাতীয় দ্ৰব্য আৰু বিদ্যুতৰ মূল্য বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে ৷ ইয়াৰ ফলত সাধাৰণ জনতাক মূল্যবৃদ্ধিয়ে গ্ৰাস কৰিছে ৷