ETV Bharat / international

ট্ৰাম্পক সাক্ষাৎ আমেৰিকাস্থিত বিদায়ী ভাৰতীয় প্ৰতিনিধি শ্ৰীংলাৰ - আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ শ্ৰীংলাৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰে বিদায়ী ভাৰতীয় প্ৰতিনিধি শ্ৰীংলাই ৷ শ্ৰীংলাক আদৰণী জনাবৰ বাবে ব্লেয়াৰ হাউছত এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

আমেৰিকাস্থিত বিদায়ী ভাৰতীয় প্ৰতিনিধি শ্ৰীংলা
ট্ৰাম্পক সাক্ষাৎ শ্ৰীংলাৰ
author img

By

Published : Jan 12, 2020, 4:37 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 12 জানুৱাৰী : আমেৰিকাস্থিত বিদায়ী ভাৰতীয় প্ৰতিনিধি হৰ্ষ বৰ্ধন শ্ৰীংলাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰে হোৱাইট হাউছৰ অভেল অ'ফিচত সাক্ষাৎ কৰে৷ ট্ৰাম্পৰে মিলিত হৈ ভাৰত-আমেৰিকা অংশদাৰীত্ব সূদৃঢ় কৰাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়োৱা বাবে ধন্যবাদ জ্ঞাপন কৰে শ্ৰীংলাই ৷

উল্লেখ্য যে, শ্ৰীংলাক ভাৰতৰ পৰৱৰ্তী বৈদেশিক সচিব হিচাপে নিৰ্বাচিত কৰা হৈছে ৷ দক্ষিণ আৰু কেন্দ্ৰীয় এছিয়াৰ ৰাজ্যিক সহায়ক সচিব তথা প্ৰতিনিধি এলিছ ৱেলছে নতুন দিল্লীলৈ উৰা মৰাৰ পূৰ্বে শ্ৰীংলাক ভাৰত-আমেৰিকা সম্পৰ্কৰ 'কেপ্তেইন' হিচাপে ঘোষণা কৰে ৷

ৱেলছে লগতে কয় যে, ভাৰত-আমেৰিকা সম্পৰ্কৰ ভৱিষ্যতৰ পৰিকল্পনা সমূহত উপনীত হোৱাত শ্ৰীংলাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷

US Chief of Protocol কেন হেন্দাৰছনে ব্লেয়াৰ হাউছত শ্ৰীংলাৰ বাবে এক ব্যতিক্ৰমী আদৰণী অনুষ্ঠানৰ আয়োজন কৰে৷ উল্লেখ্য যে, ব্লেয়াৰ হাউছত আয়োজন কৰা এনে ব্যতিক্ৰমী আদৰণী অনুষ্ঠান কেইখন মান দেশৰ বাবেহে সংৰক্ষিত কৰি ৰখা হয় আৰু ভাৰত ইয়াৰে অন্যতম দেশ হিচাপে পৰিগণিত হয় ৷

যোৱা বছৰৰ 23 ডিচেম্বৰত শ্ৰীংলাক 2020 চনৰ 29 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ পৰৱৰ্তী বৈদেশিক সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ বিজয় কেশৱ গোখালেৰ 28 জানুৱাৰীত বৈদেশিক সচিব হিচাপে দুই বছৰ সম্পূৰ্ণ হোৱাৰ পাচতে শ্ৰীংলাক এই পদত অধিস্থিত কৰোৱা হ'ব ৷

আৰু পঢ়ক : JNU হিংসা: ভুক্তভোগী অসমীয়া যুৱকৰ প্ৰতিক্ৰিয়া

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.