ইন্টাৰনেশ্যনেল ডেস্ক,22 জানুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছে শপত গ্ৰহণ কৰাৰ পাচতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক পূৰ্বতকৈ আৰু অধিক দৃঢ় হ'ব বুলি হোৱাইট হাউচে প্ৰকাশ কৰিছে ৷
যুক্তৰাষ্ট্ৰৰ 46 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি জ' বাইডেনে সাংবাদিকৰ আগত কয় যে, মই দুয়োখন দেশৰ সম্পৰ্কক শ্ৰদ্ধা কৰো ৷ আগতেও মই বহুবাৰ ভাৰত ভ্ৰমণ কৰিছো ৷ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক নেতা সকলৰ মাজত থকা সম্পৰ্কক সন্মান কৰি আহিছো ৷ এতিয়া সেই সন্মান আৰু সম্পৰ্ক আগতকৈ বহু বেছি দৃঢ় হ'ব ৷
উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰথম গৰাকী আমেৰিকান মহিলা হৈছে কমলা হেৰিছ ৷
লগতে পঢ়ক: বিধানসভা নিৰ্বাচন সন্দৰ্ভত নতুন দিল্লীত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক