ETV Bharat / international

হাবল স্পেছ টেলিস্কোপত পৰিস্ফূট হ'ল ডাবল কোৱাছাৰ - WEDNESDAY

NASAৰ হাবল স্পেছ টেলিস্কোপত ডাবল কোৱাছাৰ্ছ পৰিলক্ষিত হৈছে । টেলিস্কোপেৰে তোলা ফটোত ইয়াক এটা বস্তুৰ দৰে দেখা পোৱা গৈছিল । গৱেষকসকলৰ মতে, কোৱাছাৰৰ এটাই আনটোৰ নিচেই ওচৰত আছে কিয়নো কোৱাছাৰবোৰ দুখন একত্ৰিত গেলেক্সীৰ কেন্দ্ৰত থাকে ।

হাবল স্পেছ টেলিস্কোপত পৰিস্ফূট হ'ল ডাবল কোৱাছাৰ

author img

By

Published : Apr 7, 2021, 5:32 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: জ্যোতিৰ্বিজ্ঞানীসকলে এযোৰ কোৱাছাৰৰৰ সম্ভেদ পাইছে । এই কোৱাছাৰৰ এটাই আনটোৰ ইমানেই ওচৰত আছে যে টেলিস্কোপেৰে তোলা ফটোত ইয়াক এটা বস্তুৰ দৰে দেখা পোৱা গৈছে । কিন্তু হাবল স্পেছ টেলিস্কোপৰ ফটোত স্পষ্ট দৃশ্য দেখা গৈছে । গৱেষকসকলৰ মতে, কোৱাছাৰবোৰ দুখন একত্ৰিত গেলেক্সীৰ কেন্দ্ৰত থাকে । গৱেষকৰ দলটোৱে এতিয়াও আন দুই সংঘৰ্ষকাৰী গেলেক্সীত কোৱাছাৰ আৱিষ্কাৰ কৰিবলৈ চেষ্টা চলাই আছে ।

কোৱাছাৰ হৈছে দূৰৱৰ্তী গেলেক্সীৰ কেন্দ্ৰৰ পৰা অহা তীব্ৰ পোহৰৰ এক উজ্জ্বল বিকন যি সমগ্ৰ গেলেক্সীক অতিক্ৰম কৰিব পাৰে । ইয়াক এক বৃহৎ ব্লেক হ'লৰ দ্বাৰা চালিত কৰা হয়, যিয়ে স্ফীট পদাৰ্থ কঢ়িয়াই আনে । ফলত বিকিৰণৰ প্ৰবাহ আৰম্ভ হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্বানা-চেম্পেইন ইলিনয় বিশ্ববিদ্যালয়ৰ মুখ্য গৱেষক য়ু শেনে কয় যে, গৱেষকে অনুমান কৰে বিশ্বব্ৰহ্মাণ্ডত প্ৰতি ১০০০ কোৱাছাৰৰ বাবে, এটা ডাবল কোৱাছাৰ আছে ।

  • We're seeing double!

    Hubble spotted a pair of quasars about 10 billion light-years away. They’re so close that they look like one object to ground-based telescopes, but above Earth’s murky atmosphere, Hubble can distinguish the pair. Learn more: https://t.co/2LNgl9IgeS pic.twitter.com/JjXesdlpdC

    — Hubble (@NASAHubble) April 6, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

গতিকে এই ডাবল কোৱাছাৰবিলাক বিচাৰি পোৱাটো খেৰৰ মাজত বেজী এটা বিচাৰি দৰে একে । গৱেষকসকলে কয় যে, এই চাৰিটা কোৱাছাৰৰ আৱিষ্কাৰে গেলেক্সীসমূহৰ মাজত সংঘৰ্ষ আৰু প্ৰাৰম্ভিক বিশ্ব ব্ৰহ্মাণ্ডত ব্লেক হ'লৰ একত্ৰীকৰণৰ অনুসন্ধানৰ এক নতুন পথ প্ৰশস্ত কৰে । কোৱাছাৰবোৰ সমগ্ৰ আকাশতে সিঁচৰতি হৈ আছে আৰু ১০ বিলিয়ন বছৰ আগতে আটাইতকৈ প্ৰচুৰ পৰিমাণে আছিল ।

তাৰ পিছত বহুতো গেলেক্সীৰ একত্ৰীকৰণ হৈছিল । সেয়েহে, জ্যোতিৰ্বিজ্ঞানীসকলৰ তত্ব অনুসৰি সেই সময়ছোৱাত বহুতো ডাবল কোৱাছাৰ থাকিব লাগিছিল । মেৰিলেণ্ডৰ বাল্টিমোৰৰ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ গৱেষণা দলৰ সদস্য নাদিয়া জাকামস্কাই কয় যে, গেলেক্সী গঠনৰ শীৰ্ষ যুগত এইটো ডাবল কোৱাছাৰৰ প্ৰথম নমুনা, যাৰ সৈতে ব্লেক হ'লবোৰ কেনেদৰে একত্ৰিত হৈ অৱশেষত বাইনেৰী গঠন কৰে সেই বিষয়ে ধাৰণাবোৰ অনুসন্ধান কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায় । দলটোৰ গৱেষণাৰ প্ৰতিবেদন নেছাৰ এষ্ট্ৰ'নমি নামৰ আলোচনীখনত প্ৰকাশ পাইছিল ।

লগতে পঢ়ক:ভয়ংকৰ শিলাবৃষ্টিয়ে বাংলাদেশত প্ৰাণ কাঢ়িলে আঠ জনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.