ETV Bharat / international

বিশ্বজুৰি ক’ভিড ৰোগীৰ সংখ্যা দুগুণ বৃদ্ধি : বিশ্ব স্বাস্থ্য সংস্থা

author img

By

Published : Apr 17, 2021, 7:45 AM IST

বিগত দুমাহত বিশ্বজুৰি প্ৰতি সপ্তাহত নতুন ক’ভিড ৰোগীৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে, যি কৰ‘ণা মহামাৰীৰ সময়ত এতিয়ালৈকে দেখা পোৱা সৰ্বাধিক সংক্ৰমণৰ হাৰ ৷

Global Covid infection rate approaching highest: WHO
বিশ্বজুৰি ক’ভিড ৰোগীৰ সংখ্যা দুগুণ বৃদ্ধি: বিশ্ব স্বাস্থ্য সংস্থা

নিউজ ডেস্ক, 17 এপ্ৰিল : বিশ্ব স্বাস্থ্য সংস্থাই শুকুৰবাৰে কয় যে, যোৱা দুমাহত বিশ্বজুৰি প্ৰতি সপ্তাহত নতুন ক’ভিড ৰোগীৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে, এয়া হৈছে কৰ‘ণা মহামাৰীৰ সময়ত এতিয়ালৈকে দেখা পোৱা সৰ্বাধিক সংক্ৰমণৰ হাৰ ৷

ছিনহুয়া সংবাদ সংস্থাই জনোৱা অনুসৰি, বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে, কৰ’ণাৰ সংক্ৰমণ আৰু মৃত্যুৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি হৈ আছে ৷ পূৰ্বে কৰ’ণাৰ ব্যাপক সংক্ৰমণৰ সময়ত বাচি যোৱা একাংশ দেশত এতিয়া দ্ৰুত গতিত কৰ’ণাই পোখা মেলিবলৈ আৰম্ভ কৰিছে ৷ তেওঁ এই উদ্বেগজনক সংক্ৰমণ বৃদ্ধিৰ বাবে দ্ৰুতগতিত বিয়পি পৰা প্ৰকাৰ, অসামঞ্জস্যপূৰ্ণ ব্যৱহাৰ আৰু ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ সহজকৰণ আৰু লেহেমীয়া প্ৰতিষেধক প্ৰদান অভিযান ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশকগৰাকীয়ে কয় যে, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি বিশ্বব্যাপী প্ৰদান কৰা 832 নিযুতৰো অধিক প্ৰতিষেধকৰ ভিতৰত 82 শতাংশতকৈও অধিক উচ্চ বা উচ্চ মধ্য আয়ৰ দেশলৈ গৈছে ৷ আনহাতে নিম্ন আয়ৰ দেশবোৰে মাত্ৰ 0.2 শতাংশ প্ৰতিষেধকহে লাভ কৰিছে ।

লগতে পঢ়ক: কৰ'ণা মহামাৰী শেষ হ'বলৈ এতিয়াও বহু দূৰ: বিশ্ব স্বাস্থ্য সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.