ETV Bharat / international

COVID-১৯: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

author img

By

Published : Dec 5, 2020, 7:08 PM IST

সমগ্ৰ বিশ্বত অব্যাহত আছে প্ৰাণঘাতী কৰ'ণাৰ সংহাৰ । বিশ্বজুৰি COVID-১৯ত আক্ৰান্ত হৈছে ৬,৬২,৪৬,৫৬৪ জনৰো অধিক লোক । এতিয়ালৈকে মহামাৰীৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে ১৫,২৪,৭৩১ জনে ।

বিশ্বজুৰি COVID-১৯ত আক্ৰান্ত হৈছে ৬,৬২,৪৬,৫৬৪ জনৰো অধিক লোক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: বিশ্বজুৰি ৬,৬২,৪৬,৫৬৪ জনৰো অধিক লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫,২৪,৭৩১ জনৰো অধিক লোকৰ মৃত্যু হৈছে । বৰ্তমানলৈকে ৪,৫৮,২৮,৭৭২ জনৰো অধিক লোক আৰোগ্য হৈছে । মহামাৰীৰ সংক্ৰমণ আটাইতকৈ বেছি হোৱা দেশ হিচাপে পৰিগণিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ । দেশখনত ১,৪৭,৭২,৫৩৫ জন লোক এতিয়ালৈকে আক্ৰান্ত হৈছে আৰু ২,৮৫,৫৫০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী বিশেষজ্ঞই কয় যে, COVID-১৯ মহামাৰী পূৰ্বতে অনুমান কৰা ধৰণে সংক্ৰমিত হৈ থকা নাই । দেশ ভেদে ভাইৰাছে ইয়াৰ প্ৰকৃতি সলনি কৰা দেখা গৈছে আৰু সংক্ৰমণৰ ক্ষেত্ৰতো ভিন্নতা দেখা গৈছে । শুক্ৰবাৰে ভাৰ্চুৱেল মাধ্যমেৰে সম্বোধন কৰা এক সংবাদমেলত কাৰ্যবাহী সঞ্চালক মাইক ৰিয়ানে সতৰ্ক কৰি দিয়ে যে, ভেকচিনবোৰৰ COVID শূন্য কৰিব পৰা ক্ষমতাসম্পন্ন নহয় আৰু এই টীকাকৰণ আমাৰ হাতত থকা উপায়সমূহৰ ভিতৰত এক শক্তিশালী উপায় ।

চিকিৎসা বিষয়াৰ মতে, ফ্ৰান্সত ক্ৰমাৎ হ্ৰাস পাইছে সংক্ৰমণৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ১১,২২১ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । ছেন ফ্ৰান্সিস্ক'ৰ মেয়ৰ লণ্ডন ব্ৰীডে শেহতীয়াকৈ ঘোষণা কৰিছে যে, কেলিফৰ্ণিয়াত মহামাৰীৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ ৰোধ কৰিবলৈ চহৰৰ পৰা উপকূলীয় অঞ্চললৈকে কেতবোৰ গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হ'ব । মেক্সিক'ৰ ৰাষ্ট্ৰপতি এণ্ড্ৰেছ মেনুৱেল ল'পেজ অব্ৰাড'ৰে ঘন জনবসতিপূৰ্ণ মেক্সিক' চহৰৰ বাসিন্দাত ঘৰতে থাকিবলৈ আৰু বছৰৰ শেষৰ উত্সৱ সমূহ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক:কৰ’ণা মহামাৰী অন্তৰ সপোন দেখিব পাৰে বিশ্বইঃৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.