নিউজ ডেস্ক, 10 জুলাই : বিশ্বজুৰি 1,23,78,854 গৰাকীলৈ বৃদ্ধি পাইছে ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । আনহাতে, এই মহামাৰীৰ ফলত 5,56,601 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 71,82,395 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ।
এই ভাইৰাছত আটাইতকৈ বেছি ক্ষতিগ্ৰস্তৰ সন্মুখীন হৈছে আমেৰিকা । আমেৰিকাত সৰ্বাধিক 32 লাখ 19 হাজাৰ 999 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 1 লাখ 35 হাজাৰ 822 গৰাকী লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে । আনহাতে দ্বিতীয় স্থানত আছে ব্ৰাজিল । ব্ৰাজিলত ক্ৰমান্বয়ে অধিক হাৰত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা । বৰ্তমানলৈকে দেশখনত 17 লাখ 59 হাজাৰ 103 টা ঘটনা পোহৰলৈ অহাৰ বিপৰীতে 69 হাজাৰ 254 গৰাকী লোকৰ মৃত্য়ু হৈছে । ইপিনে ভাৰতত 21 হাজাৰ 623 গৰাকী লোকৰ মৃত্য়ু হোৱাৰ লগতে আক্ৰান্ত হৈছে 7 লাখ 94 হাজাৰ 842 গৰাকী লোক । বৰ্তমানলৈকে সংক্ৰমণৰ তালিকাত তৃতীয় স্থানত আছে ভাৰত ।
শেহতীয়াকৈ ব্ৰিটেইনত 85 গৰাকী লোকৰ প্ৰাণ গৈছে এই ভয়ংকৰ ভাইৰাছত । দেশখনত এতিয়ালৈকে 44,602 গৰাকী লোকৰ মৃত্য়ু হৈছে । দেশখনত দৈনিক 642 টাকৈ ঘটনা পোহৰলৈ আহিছে ।
বৃহস্পতিবাৰে ব্ৰিটিছ হাই ষ্ট্ৰীট ফাৰ্মাচী চেইন বুটছে, ক'ভিডৰ বাবে হোৱা ব্য়াপক প্ৰভাৱক কম কৰিবলৈ 4,000 হাজাৰতকৈ অধিক চাকৰি আৰু প্ৰায় 48 অপ্টিচিয়ান ষ্ট'ৰ বন্ধ কৰাৰ কথা ঘোষণা কৰে ।
লগতে চাওকঃ কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌহদত চিপ লৈ আত্মহত্যা এজনৰ