ETV Bharat / international

COVID-১৯: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

author img

By

Published : Nov 13, 2020, 2:09 PM IST

সমগ্ৰ বিশ্বত ৫,৩০,৯২,৭৩৩ জনৰো অধিক লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে আৰু ১২,৯৯,৪১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে বিশ্বজুৰি ৩,৭২,১৩,৪২৩ গৰাকী লোক আৰোগ্য হৈ উঠিছে। মহামাৰীয়ে বিশ্ব অৰ্থনীতিতো মোক্ষম আঘাত হানিছে।

COVID-১৯: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য
COVID-১৯: বিশ্বৰ ভিন্ন দেশৰ সামগ্ৰিক তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ নৱেম্বৰ: বিশ্বৰ প্ৰায়বোৰ দেশতে এতিয়াও COVID-১৯ৰ সংহাৰ অব্যাহত আছে। আমেৰিকা, ভাৰত, ফ্ৰান্সকে ধৰি বিভিন্ন দেশত নিতৌ মহামাৰীৰ কবলত পৰিছে হাজাৰ হাজাৰ লোক। সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ৫,৩০,৯২,৭৩৩ জনৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে। ৩,৭২,১৩,৪২৩ গৰাকী লোক আৰোগ্য হৈ উঠাৰ বিপৰীতে ১২,৯৯,৪১৩ গৰাকী ৰোগীৰ মৃত্যু হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত ১,০৮,৭৩,৯৩৬ৰো বেছি লোক মহামাৰীৰ কবলত পৰিছে আৰু ২,৪৮,৫৮৫ জনৰো অধিক ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

এই পৰিসংখ্যাৰে বিশ্বৰ ভিতৰতে মহামাৰীৰ সৰ্বাধিক সংক্ৰমণ হোৱা দেশ হিচাপে চিহ্নিত হৈছে আমেৰিকা। দ্য ইউৰোপীয়ান ছেক্টৰ ফৰ ডিজিজ প্ৰিভেনচন এণ্ড কন্ট্ৰ'লে মিংক আৰু মানুহৰ মাজত মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাৰ জৰিয়তে সতৰ্ক কৰি দিছে যে, জন্তুৰ মাজত COVID-১৯ ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত হোৱাৰ সম্ভাৱনা আছে আৰু ই মানুহকো সংক্ৰমিত কৰাৰ আশংকা আছে।

শীৰ্ষ সংক্ৰমণ ৰোগ বিশেষজ্ঞ ডা: এন্থনী ফৌচিয়ে কয় যে, আমেৰিকাত ১০ মিলিয়ন লোক আক্ৰান্ত আৰু ২৪০,০০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছতে দেশখনৰ পৰিস্থিতি পূৰ্বতকৈ অধিক জটিল হৈ পৰিছে। আনহাতে, COVID-১৯ত আক্ৰান্ত হৈ পেছাৱৰ উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশ ৱাকৰ আহমেদ ছেথৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ।

লগতে পঢ়ক:এফ আই এৰ গোচৰক অবৈধ ঘোষণা পাকিস্তান আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.