নিউজ ডেস্ক, 20 মে’ : মাইক্ৰ’চফ্টৰ সহকাৰী প্ৰতিষ্ঠাপক তথা প্ৰতিপত্তিশালী বিল গেটচ আৰু তেওঁৰ জনহিতৈষী পত্নী মেলিণ্ডা গেটচে চলিত মাহৰ আৰম্ভণিতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে ৷ বিশ্বৰ আটাইতকৈ আধ্যৱন্ত দম্পতীটোৰ এই সিদ্ধান্তক লৈ বৰ্তমান ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ গেটচ দম্পতীয়ে কিয় এনে সিদ্ধান্ত ল’লে তাৰ কাৰণো পৰ্যবেক্ষণ কৰিব খুজিছে বহুতেই ৷
বহুকেইখন আগশাৰীৰ বাতৰিকাকতে প্ৰকাশ কৰা অনুসৰি বিশ্বৰ জনপ্ৰিয় চফ্টৱেৰৰ বাটকটীয়া গৰাকীৰ কামৰ সৈতে জড়িত কিছু আচৰণেই হৈছে এই বিচ্ছেদৰ অন্যতম কাৰণ ৷ বিল গেটচে বিভিন্ন সময়ত মাইক্ৰ’চফ্ট, বিল আৰু মেলিণ্ডা গেটচ ন্যাসত তেওঁলোকৰ বাবে কাম কৰা মহিলাক পিচা কৰিছিল বুলি নিউয়ৰ্ক টাইমত প্ৰকাশ পাইছিল ৷
2018 চনত কোটিপতি বিল গেটচৰ বিৰুদ্ধে তেওঁৰ অৰ্থ ব্যৱস্থাপক হিচাপে কৰ্মৰত মাইকেল লাৰচনক যৌন আতিশায্য চলোৱাৰ অভিযোগ পোহৰলৈ আহিছিল ৷ বিষয়টো আভ্যন্তৰীণভাৱে মীমাংসা কৰাৰ বাবে বিল গেটচে যোৰ দিছিল যদিও মেলিণ্ডা গেটচে ইয়াৰ এক বাহ্যিক তদন্ত বিচাৰিছিল ৷ তদন্তৰ অন্তত মেলিন্দা গেটচ বিষয়টোত স্বামীৰ হস্তক্ষেপকলৈ অসন্তুষ্ট আছিল ৷ মাইকেল লাৰচনে গেটনৰ হৈ কাম কৰিছিল ৷
মাইক্ৰ’চফ্টৰ মুখপাত্ৰ ফ্ৰেংক এক্স শ্বৰ মতে, যেতিয়া বিল গেটচে কোম্পানীৰ কৰ্মচাৰীৰ সৈতে 2000 বৰ্ষত অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰা বুলি প্ৰকাশ পাইছিল, তেতিয়া মাইক্ৰ’চফ্টৰ ডাইৰেক্টৰচ ব’ৰ্ডে এটা তদন্তৰ পোষতকতা কৰে ৷ এই ঘটনা ষ্ট্ৰীট ৱাল জাৰ্নেলখনত প্ৰকাশ পাইছিল ৷ 2020 বৰ্ষত বিল গেটচে মাইক্ৰ’চফ্টৰ ডাইৰেক্টৰচ ব’ৰ্ডৰ পৰা পদত্যাগ কৰে ৷
আনহাতে, বিল গেটচৰ মুখপাত্ৰ ব্ৰিডজিট আৰ্ণল্ডে কয় যে, এই সম্পৰ্ক 20 বছৰ পূৰ্বে আৰম্ভ হৈছিল আৰু বন্ধুত্বপূৰ্ণভাৱে অৱসান ঘটিছিল ৷ ব’ৰ্ডৰ পৰা গেটচৰ পদত্যাগৰ সৈতে এই সম্পৰ্ক কোনো ধৰণে জড়িত নহয় বুলিও আৰ্ণল্ডে উল্লেখ কৰে ৷
লগতে পঢ়ক : কিয় বিবাহ বিচ্ছেদ ঘটিল বিল গেটচ আৰু মেলিণ্ডা গেটচৰ ?