ETV Bharat / international

প্ৰতিৰক্ষা সচিব হিচাপে লইদ আষ্টিনৰ নাম আনুষ্ঠানিকভাৱে মনোনীত জ' বাইডেনৰ

author img

By

Published : Dec 9, 2020, 9:49 AM IST

সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনে দেশৰ প্ৰতিৰক্ষা সচিব হিচাপে লইদ আষ্টিনৰ নাম আনুষ্ঠানিকভাৱে মনোনীত কৰিছে ৷ চিনেটে এই সিদ্ধান্তত সন্মতি প্ৰদান কৰিলে অৱসৰপ্ৰাপ্ত আৰ্মী জেনেৰেলগৰাকীয়ে ৰাষ্ট্ৰখনৰ প্ৰথমগৰাকী কৃষ্ণাংগ প্ৰতিৰক্ষা সচিব হোৱাৰ গৌৰৱ অৰ্জন কৰিব ৷

Lloyd Austin new US Defense Secretary
দেশৰ প্ৰতিৰক্ষা সচিব হিচাপে লইদ আষ্টিনৰ নাম আনুষ্ঠানিকভাৱে মনোনীত

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ: নিজৰ প্ৰতিৰক্ষা সচিব হিচাপে অৱসৰপ্ৰাপ্ত আৰ্মী জেনেৰেল লইদ আষ্টিনৰ নাম আনুষ্ঠানিকভাৱে মনোনীত কৰিলে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ডেম'ক্ৰেট প্ৰাৰ্থী জ' বাইডেনে ৷

এক বিবৃতিত বাইডেনে কয় যে, সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহৰ সৈতে মুখামুখী হোৱাৰ বাবে আষ্টিন এগৰাকী যোগ্য ব্যক্তি ৷ বাইডেনে কয় যে, আমেৰিকান লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে লগতে বিশ্ব প্ৰেক্ষাপটত সন্মুখীন হোৱা ভাবুকিসমূহৰ মাজত মিত্ৰতা অধিক শক্তিশালী কৰাৰ বাবে তেওঁ লইদ আষ্টিনক এগৰাকী বিশ্বাসযোগ্য সহযোগী হিচাপে লৈ কাম কৰিব বিচাৰে ৷

লগতে পঢ়ক: অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক প্ৰতিৰক্ষা সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ

চিনেটে এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰিলে আষ্টিন হ'ব সংযুক্ত ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগক নেতৃত্ব দিয়া প্ৰথমগৰাকী কৃষ্ণাংগ ব্যক্তি ৷ জানিব পৰা মতে, সপ্তাহৰ শেষৰ ফাললৈ বাইডেনে এই পদ আগবঢ়োৱাৰ উদ্দেশ্যে আষ্টিনৰ কাষলৈ যায় ৷ আষ্টিন এই পদত অধিষ্ঠিত হ'লে বাইডেন মন্ত্ৰীসভাৰ তেওঁ এগৰাকী অন্যতম গুৰুত্বপূৰ্ণ সদস্য হিচাপে বিবেচিত হ'ব ৷

অৱশ্যে এই পদত অধিষ্ঠিত হ'বৰ বাবে আষ্টিনক কংগ্ৰেছনেল ৱেইভাৰৰ প্ৰয়োজন হ'ব ৷ কিয়নো ৰাষ্ট্ৰখনৰ আইন অনুসৰি উক্ত পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে এগৰাকী ব্যক্তি তেওঁৰ সক্ৰিয় দায়িত্বৰ পৰা 7 বছৰ আগত অব্যাহতি লোৱা হ'ব লাগিব ৷ কিন্তু লইদ আষ্টিনে তেওঁৰ সক্ৰিয় সেৱাৰ পৰা অব্যহতি লোৱা মাত্ৰ চাৰি বছৰহে সম্পূৰ্ণ হৈছে ৷

লগতে পঢ়ক: অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা : অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.