ETV Bharat / international

সংশ্লেষিত জীৱ বিজ্ঞানক আহিলা হিচাপে ব্যৱহাৰ কৰাত আগ্ৰহী অষ্ট্ৰেলিয়াবাসী - জৈৱ বৈচিত্ৰ

উৎপাদন, মানৱ স্বাস্থ্য, কৃষি আৰু পৰিৱেশ সংৰক্ষণ আদিৰ ক্ষেত্ৰত জৈৱ বৈচিত্ৰ উন্নীত কৰিবলৈ, পানী প্ৰদূষণ ৰোধ কৰিবলৈ, মহৰ পৰা হোৱা ৰোগ প্ৰতিৰোধ কৰিবলৈ সংশ্লেষিত জীৱ বিজ্ঞানক আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

সংশ্লেষিত জীৱ বিজ্ঞানক আহিলা হিচাপে ব্যৱহাৰ কৰাত আগ্ৰহী অষ্ট্ৰেলিয়াবাসী

author img

By

Published : Feb 11, 2021, 7:26 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী: 'সংশ্লেষিত জীৱ বিজ্ঞানৰ প্ৰতি মানুহৰ ধাৰণা তথা আগ্ৰহ' বিষয়ক চি এছ আই আৰ অ'ৰ ৰাষ্ট্ৰীয় জৰীপত অষ্ট্ৰেলিয়াৰ ৮,০৩৭ জন নাগৰিকে মতামত আগবঢ়াইছে । আনগত সময়খিনিত সংশ্লেষিত জীৱ বিজ্ঞান আৰু সমাধানৰ ওপৰত ভিত্তি কৰি কাম কৰিবলগীয়া হ'লে কেনেকুৱা হ'ব এই সন্দৰ্ভত চি এছ আই আৰ অ'ৰ গৱেষকৰ দলে গৱেষণা কৰি আছে । চি এছ আই আৰ অ'ৰ গৱেষকৰ দলটোক নেতৃত্ব দিয়া ড০ অদিতি মানকাড়ে কয় যে, সংশ্লেষিত জীৱ বিজ্ঞানত বিভিন্ন এপ্লিকেছনছ আছিল আৰু বিকাশশীল প্ৰযুক্তিসমূহ সামাজিক দৃষ্টিভংগীৰ দ্বাৰা অৱগত কৰোৱাতো গুৰুত্বপূূৰ্ণ আছিল ।

সংশ্লেষিত জীৱ বিজ্ঞানক আহিলা হিচাপে ব্যৱহাৰ কৰাত আগ্ৰহী অষ্ট্ৰেলিয়াবাসী
সংশ্লেষিত জীৱ বিজ্ঞানক আহিলা হিচাপে ব্যৱহাৰ কৰাত আগ্ৰহী অষ্ট্ৰেলিয়াবাসী

সংশ্লেষিত জীৱ বিজ্ঞানে বহু ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ গৱেষকসকলক সহায় কৰিব পাৰে । কিন্তু সংশ্লেষিত জীৱ বিজ্ঞানে আগবঢ়োৱা জেনেটিক সমাধানসমূহক লৈ অষ্ট্ৰেলিয়াৰ নাগৰিকৰ মতামত কি সেইবিষয়ে বৈজ্ঞানিকসকলে আৰু অন্যান্য অংশীদাৰসকলে খুব কম কথাহে জানে । প্ৰথমটো সমীক্ষাত স্বাস্থ্য, উদ্যোগিক, পৰিৱেশৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ভৱিষ্যতৰ সংশ্লেষিত জীৱ বিজ্ঞানৰ সমাধানৰ অষ্ট্ৰেলিয়াৰ মানুহৰ মনোভাৱ আৰু বিশ্বাস আদিৰ বিষয়ে বুজিবলৈ চেষ্টা কৰা হৈছিল । এই নতুন প্ৰযুক্তিৰ প্ৰতি মানুহৰ সমৰ্থন, সম্ভাৱ্য বিপদ, বিশ্বাস আদি দিশবোৰ চালি-জাৰি চোৱা হৈছিল ।

ড০ অদিতি মানকাড়ে জনোৱা মতে, এক ঘটনা অধ্যয়ণৰ জৰিয়তে পৰীক্ষা কৰা হৈছিল যে, কেনেদৰে মেৰেলীয়া আৰু ডেংগু জ্বৰ আদিৰ দৰে মহৰ পৰা হোৱা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সংশ্লেষিত জীৱ বিজ্ঞানক চি এছ আই আৰ অ'ই আহিলা হিচাপে ব্যৱহাৰ কৰি আছে । সংশ্লেষিত জীৱ বিজ্ঞান ব্যৱহাৰৰ জৰিয়তে মহৰ পৰা ক্ষতিকাৰক জিন আঁতৰাব অথবা সলনি কৰিব পৰা যায় আৰু এনে কৰিলে মহে ক্ষতিকাৰক ভাইৰাছ বহন কৰিব নোৱাৰে ।

প্ৰদূষিত জলপথ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি । অষ্ট্ৰেলিয়াৰ মানুহৰ দৃষ্টিভংগীৰ সৈতে ৰজিতা খুৱাই সংশ্লেষিত জীৱ বিজ্ঞান প্ৰযুক্তি কেনেদৰে বিকশিত কৰিব পাৰা, যিকোনো সম্ভাৱ্য সমস্যা সমাধান, বহনক্ষম উদ্যোগক সমৰ্থন কৰা আৰু পৰিৱেশ, সমাজ আৰু অৰ্থনীতিৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰা আদি ক্ষেত্ৰত এই গৱেষণাই যথেষ্ট সহায় কৰিব ।

লগতে পঢ়ক:চীনৰ বিৰুদ্ধে নতুন টাস্ক ফ’ৰ্চ ঘোষণা জ' বাইডেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.