ইণ্টাৰনেশ্যনেল ডেস্ক, 26 অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে মঙলবাৰে আবেলি চুডানত সংঘটিত অভ্যুত্থান সন্দৰ্ভত এক জৰুৰীকালীন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ব ৷ কূটনীতিবিদসকলে সোমবাৰে পলমকৈ কৈছিল যে পৰামৰ্শবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, আয়াৰলেণ্ড, নৰৱে আৰু এষ্টোনিয়াৰ দ্বাৰা অনুৰোধ কৰা হৈছিল ৷
পৰিষদে মালি আৰু নাইজাৰ ভ্ৰমণ সামৰণি পেলাই মঙলবাৰে আবেলি নিউয়ৰ্কলৈ উভতি আহিব ৷ ইয়াৰ বাবেই বৈঠকখন মঙলবাৰে নিশা 8 বজাত অনুষ্ঠিত কৰা হ’ব ৷
উল্লেখ্য যে, চুডানৰ নিৰাপত্তা বাহিনীয়ে সোমবাৰে দেশখনৰ ক্ষমতা দখল কৰি প্ৰধানমন্ত্ৰী আৰু পৰিৱৰ্তনশীল চৰকাৰৰ অন্যান্য বিষয়াসকলক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ ফলত সমগ্ৰ দেশত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অসামৰিক শাসনলৈ ঘূৰি অহাৰ দাবীত প্ৰতিবাদ কৰে ৷ ক্ষমতাৰ এই অধিগ্ৰহণে গণতান্ত্ৰিক প্ৰগতিৰ দিশত ভাবুকিৰ সৃষ্টি কৰিছে ৷
বুধবাৰে সুৰক্ষা পৰিষদে চুডান আৰু দক্ষিণ চুডান সীমান্তৰ আবেয়ী প্ৰান্তৰ সংঘৰ্ষৰ সন্দৰ্ভতো বৈঠকত মিলিত হ’ব ৷
লগতে পঢ়ক : সন্ত্ৰাসবাদীৰ তালিকাৰ পৰা আঁতৰ হ'ব নেকি তালিবান : পুটিনৰ পৰিকল্পনাক আদৰণি