নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । এনে অৱস্থাত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ সমাজৰ এটা দলক প্ৰতিবাদস্থলীৰ পৰাই ওভতাই পঠিয়াই প্ৰতিবাদী কৃষকে । উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু দিল্লীৰ গাজীপুৰ সীমাত সংঘটিত হৈছে এই ঘটনা ।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা যোৱা ছজনীয়া এটা দলক ওভতাই পঠিয়াই প্ৰতিবাদী কৃষকে ।
প্ৰতিবাদকাৰী কৃষকসকলে কেন্দ্ৰৰ বিৰুদ্ধে তেওঁলোকৰ এই সংগ্ৰামত ছাত্ৰ সমাজৰ প্ৰয়োজন নাই বুলি কৈ দলটোক ওভতাই পঠিয়ায় ৷
লগতে পঢ়ক : কৃষক বিদ্ৰোহৰ 19 দিন , এইবাৰ অনশনত কৃষক