ETV Bharat / headlines

অভিনেতা সুশান্ত সিং ৰাজপুটক 'সঁচা হিৰো' আখ্যা লেখক চাৰুদত্ত আচাৰ্যৰ

অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে তেওঁৰ কৰ্মৰাজীৰ ন ন তথ্য পোহৰলৈ আহিছে । ২০১৮ চনত নাগালেণ্ডত হোৱা বানপানীত অভিনেতা সুশান্তে ১.২৫ কোটি টকা সাহাৰ্য হিচাপে প্ৰদান কৰে বুলি চ'ছিয়েল মিডিয়াযোগে জানিবলৈ দিয়ে লেখক-নিৰ্দেশক চাৰুদত্ত আচাৰ্যই । লগতে কেৰালাৰ বানতো ১.২৫ কোটি টকাৰ সামগ্ৰী প্ৰদান কৰিছিল প্ৰয়াত অভিনেতাগৰাকীয়ে ।

author img

By

Published : Jun 17, 2020, 12:48 PM IST

অভিনেতা সুশান্ত সিং ৰাজপুটক 'সঁচা হিৰো' আখ্যা লেখক চাৰুদত্ত আচাৰ্যৰ
অভিনেতা সুশান্ত সিং ৰাজপুটক 'সঁচা হিৰো' আখ্যা লেখক চাৰুদত্ত আচাৰ্যৰ

চিটাৰা ডেস্ক, ১৭ জুন: অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে তেওঁক স্মৰণ কৰি লেখক-নিৰ্দেশক চাৰুদত্ত আচাৰ্যই ২০১৮ চনত নাগালেণ্ডৰ বানপানীৰ সময়ত সুশান্তে কৰা সহায়ৰ কথা ব্যক্ত কৰে । ৰাজ্যখনত হোৱা বানপানীত সুশান্তে ১.২৫ কোটি টকা সাহাৰ্য হিচাপে প্ৰদান কৰে বুলি ছ'চিয়েল মিডিয়াযোগে জানিবলৈ দিয়ে চাৰুদত্ত আচাৰ্যই । প্ৰয়াত অভিনেতাগৰাকীয়ে নিজেই ডিমাপুৰলৈ গৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰ হাতত প্ৰদান কৰিছিল এই সাহাৰ্যৰ চেক ।

লেখক-নিৰ্দেশক চাৰুদত্ত আচাৰ্যই ফেচবুক পোষ্টৰ জৰিয়তে কয় যে, অভিনেতাগৰাকীৰ এই সহায়ৰ সময়ত কোনো প্ৰচাৰ হোৱা দেখা নগ'ল । ইয়াৰ লগতে তেওঁ কেৰালাৰ বানতো ১.২৫ কোটি টকাৰ সামগ্ৰী প্ৰদান কৰিছিল আৰু তেতিয়া তেওঁ শ্বুটিঙৰ বাবে দিল্লীত আছিল । ‘সঁচা হিৰো’ৰ আগমণ এনেকৈয়ে হয় ।

প্ৰয়াত অভিনেতাগৰাকীয়ে চাৰুদত্ত আচাৰ্যৰ দেউতাকৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল আৰু বানপানী সংক্ৰান্তত আলোচনা কৰিছিল । দেউতাকে সুশান্তক ধন্যবাদ জ্ঞাপন কৰে আৰু কোহিমালৈ নিমন্ত্ৰণ দিছিল । সুশান্তৰ কোহিমালৈ যোৱাৰ ইচ্ছা আছিল যদিও শ্বুটিঙৰ বাবে ডিমাপুৰৰ পৰাই দিল্লীলৈ যাবলগীয়া হয় । নাগালেণ্ডৰ জনতা আৰু নাগালেণ্ড চৰকাৰে অভিনেতাগৰাকীক সদায় মনত ৰাখিব বুলি আচাৰ্যই শোক প্ৰকাশ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই অভিনেতা সুশান্তৰ সহায়ৰ সময়ত টুইটযোগে তেওঁক ধন্য়বাদ জনাইছিল আৰু অভিনেতাগৰাকীয়েও অতি শ্ৰদ্ধাৰে তেওঁৰ টুইটৰ উত্তৰ দিছিল ।

লগতে পঢ়ক: হিমাচল প্ৰদেশৰ লাহৌল-স্পিটী, কিন্নাউৰ সীমান্তৰ জিলাসমূহত হাইএলাৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.