গুৱাহাটী, ১০ এপ্ৰিলঃ গুৱাহাটী ৰে'লৱে ষ্টেচনৰ ১নং প্লেটফৰ্মত স্থাপন শিশু আশ্ৰয় কক্ষ। ৰে'লত উদ্ধাৰ হোৱা শিশু, ষ্টেচনত অনাই বনাই ঘুৰি ফুৰা শিশুসকলক আশ্ৰয় দিয়াৰ বাবে ৰে'ল বিভাগৰ এই পদক্ষেপ।
উত্তৰ পূব সীমান্ত ৰেলৱে মহিলা কল্যান সংস্থা আৰু প্ৰয়াস জে এ ছ'চাইটিৰ মাজত স্বাক্ষৰিত হৈছে চুক্তি । ২৫টাকৈ শিশুৰ বাবে সকলো ব্যৱস্থা উপলব্ধ থাকিব এই কেন্দ্ৰটোত। ৰে'লত উদ্ধাৰ হোৱা শিশু, ষ্টেচনত অনাই বনাই ঘুৰি ফুৰা শিশুসকলক আশ্ৰয় দিয়াৰ বাবে ৰে'ল বিভাগৰ এই পদক্ষেপ। প্ৰতিদিনে ২৪ঘন্টাই খোলা থাকিব এই কেন্দ্ৰটো লগতে শিশু সকলে এই আঁচনি জৰিয়তে পঢ়া শুনা, চিত্ৰাঙ্কন আদিৰ লগতে টিভি চোৱা আৰু কম্পিউটাৰ শিক্ষাৰ সুবিধা থাকিব শিশু সকলৰ বাবে । উদ্ধাৰ হোৱা শিশুসকলক আইনী প্ৰক্ৰিয়া চলি থকাৰ পৰা পৰিয়ালক গটাই নিদিয়া পৰ্যন্ত সম্পূৰ্ণ সা সুবিধা প্ৰদান কৰিব প্ৰয়াস নামৰ বেচৰকাৰী সংস্থাটোৱে ।