ETV Bharat / headlines

অৰুণাচলত বিক্ৰী কৰা কলগাছিয়াৰ ৪ শ্ৰমিকক উদ্ধাৰ - labour rescue

অৰুণাচলৰ দামিন টাউনৰ বিংগা বাদুৰক ৪ লাখ টকাত শ্ৰমিক কেইজনক বিক্ৰী কৰিছিল ছফিকুল ইছলাম আৰু নুৰ আমিন মোল্লা নামৰ দুই ধৃতই ।

Four labour rescue in Arunachal
Four labour rescue in Arunachal
author img

By

Published : Jun 4, 2020, 5:43 PM IST

কলগাছিয়া, ৪ জুন : অৰুণাচলত তিনিমাহ পূৰ্বে বিক্ৰী কৰা কলগাছিয়াৰ মুহীয়া গাঁৱৰ চাৰি শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় কলগাছিয়া আৰক্ষী ।কলগাছিয়াৰ চিকাটাৰী গাঁৱৰ ছফিকুল ইছলাম নামৰ যুৱকজনে মুহীয়া গাঁৱৰ শ্বেৰ আলী,জাহাংগীৰ আলম,আজগৰ আলী,ছানিদুল ইছলাম নামৰ চাৰি শ্ৰমিকক কামৰ বাবে ৯ মাৰ্চত অৰুণাচলত লৈ যায়। অৰুণাচলত ছফিকুল ইছলামে মানকাচাৰৰ নুৰ আমিন মোল্লা নামৰ লোকজনৰ হতুৱাই দামিন টাউনৰ বিংগা বাদুৰক ৪ লাখ টকাত শ্ৰমিক কেইজনক বিক্ৰী কৰে ।

Four labour rescue in Arunachal
অৰুণাচলত বিক্ৰী কৰা কলগাছিয়াৰ ৪ শ্ৰমিকক উদ্ধাৰ

আনহাতে শ্ৰমিক কেইজনৰ পৰিয়ালৰ লোকে শ্ৰমিক কেইজনৰ কোনো সন্ধান নেপাই জহুৰুদ্দিন নামৰ এজন অভিভাৱকে ১০ মে'ত ছফিকুল ইছলামৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত কলগাছিয়া আৰক্ষীয়ে ছফিকুল ইছলাম আৰু নুৰ আমিন মোল্লাক গ্ৰেপ্তাৰ কৰাৰ পাছত অৰুণাচলৰ দামিন টাউনৰ বিংগা বাদুৰক ৪ লাখ টকাত শ্ৰমিক কেইজনক বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহে । ছফিকুল ইছলাম আৰু নুৰ আমিন মোল্লাৰ তথ্যৰ ভিত্তিত বুধবাৰে কলগাছিয়া আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত অৰুণাচলৰ পৰা শ্ৰমিক চাৰিজনক উদ্ধাৰ কৰি আনে । শ্ৰমিক কেইজনৰ অভিভাৱকে ছফিকুল ইছলাম আৰু নুৰ আমিন মোল্লাৰ কঠোৰ শাস্তিৰ দাবী কৰে ।

লগতে চাওকঃ তামিলনাডুত নৰ বলিৰ ঘটনাঃ গ্ৰেপ্তাৰ দুই মহিলা তান্ত্ৰিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.