ETV Bharat / headlines

দিল্লীৰ গংগা ৰাম হাস্পতালৰ বিৰুদ্ধে এজাহাৰ দাখিল

author img

By

Published : Jun 13, 2020, 8:02 PM IST

দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত কোভিড-১৯ৰ বাবে দিল্লী চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা উলংঘন হোৱাৰ পিছত হাস্পতালখনৰ অধীক্ষকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ নং ধাৰাৰ ভিত্তিত এজাহাৰ দাখিল কৰা হয় । দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চি হৰিশংকৰৰ বিচাৰপীঠে শুকুৰবাৰে ৰুজু কৰা গোচৰৰ ১৫ জুনত তদন্ত কৰিব বুলি জানিবলৈ দিয়ে ।

দিল্লীৰ গংগা ৰাম হাস্পতালৰ বিৰুদ্ধে এজাহাৰ দাখিল
দিল্লীৰ গংগা ৰাম হাস্পতালৰ বিৰুদ্ধে এজাহাৰ দাখিল

নেশ্যনেল ডেস্ক, ১৩ জুন: দিল্লীস্থিত ছাৰ গংগা ৰাম হাস্পতালত কোভিড-১৯ৰ বাবে দিল্লী চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা উলংঘন হোৱাৰ পিছত দিল্লী আৰক্ষীয়ে হাস্পতালখনৰ প্ৰাথমিক চিকিৎসা স্থগিত ৰাখিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চি হৰিশংকৰৰ বিচাৰপীঠে শুকুৰবাৰে ৰুজু কৰা এই গোচৰৰ ১৫ জুনত তদন্ত কৰিব বুলি জানিবলৈ দিয়ে ।

দিল্লী আৰক্ষীয়ে ৰুজু কৰা গোচৰ মতে,চৰকাৰে হাস্পতালৰ কৰ্তৃপক্ষক ৩ জুনত সকলো ৰোগী তথা প্ৰাথমিক আৰু কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলক পৃথকে পৃথকে ৰাখিবলৈ নিৰ্দেশ দিছিল। কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলক পৰীক্ষাৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগে RT-PCR এপ ব্যৱহাৰ কৰিবলৈ হাস্পতালখনৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছিল যদিও কৰ্তৃপক্ষই এই নিৰ্দেশ মানি লোৱা নাছিল । ইতিমধ্যে হাস্পতালৰ অধীক্ষকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ নং ধাৰাৰ ভিত্তিত গোচৰ ৰুজু কৰা হয় ।

লগতে পঢ়ক: অ'এনজিচিৰ অসম সম্পদে বিপদ মাতিছে শিৱসাগৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.