ETV Bharat / state

স্থবিৰ হৈ ৰৈছে যোৰহাট-মাজুলী দলং নিৰ্মাণ; পুনৰ নিবিদাৰ আহ্বানৰ ইংগিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী গাডকাৰীৰ - Majuli Bridge issue - MAJULI BRIDGE ISSUE

Assam CM on Majuli Bridge: মাজুলীবাসীৰ বহু আকাংক্ষিত যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণকাৰ্য হঠাতে স্থৱিৰ হৈ পৰে । যাৰ বাবে মাজুলীবাসীৰ মাজত দুখ আৰু ক্ষোভ দুয়োটাই বিৰাজ কৰিছে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰে বিষয়টো সন্দৰ্ভত আলোচনা কৰা বুলি প্ৰকাশ কৰে । গাডকাৰীৰে আলোচনামৰ্মে এক ইতিবাচক উত্তৰ লাভ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে টুইটযোগে উল্লেখ কৰে ।

Assam CM on Majuli Bridge
মাজুলীৰ দলং নিৰ্মাণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ টুইট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 2:09 PM IST

গুৱাহাটী, ৩ অক্টোবৰ : প্ৰায় এমাহ ধৰি বন্ধ হৈ থকা মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ ক্ষেত্ৰত নতুনকৈ নিবিদা আহ্বান কৰাৰ ইংগিত দিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । এই কথা বৃহস্পতিবাৰে এক্সৰ এটা পোষ্টৰ জৰিয়তে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে দুই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ খামখেয়ালিৰ পৰিণতিত দীর্ঘদিনে যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম স্থৱিৰ হৈ থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত হস্তক্ষেপ কৰে । গুৰুত্বপূৰ্ণ দলংখনৰ বন্ধ হৈ থকা নিৰ্মাণকাৰ্য আৰম্ভ কৰা আৰু নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

যোৱা ২৬ ছেপ্টেম্বৰৰ এই পত্ৰখনৰ কথা মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছিল । এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে এক্সত কয়, "পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক দিল্লীৰ বিমানবন্দৰত সাক্ষাৎ কৰা হৈছিল । মাজুলীৰ দলংখনৰ বিষয়টো তেওঁ ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰি থকা বুলি মোক আশ্বাস দিছে । লগতে পূৰ্বৰ ঠিকাদাৰে এই কাম কৰাৰ বাবে আগবাঢ়ি নাহিলে নতুনকৈ নিবিদা আহ্বান কৰা হ'ব বুলি গাডকাৰীয়ে উল্লেখ কৰিছে । এই সন্দৰ্ভত শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।"

উল্লেখ্য যে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ হৈ থকাৰ ঘটনাক লৈ বিভিন্ন দল-সংগঠন আৰু স্থানীয় লোকে চৰকাৰৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰাৰ সময়তে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়েও যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড৹ শর্মালৈ যোৰহাট-মাজুলী সংযোগী দলংখনৰ বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰাৰ লগতে আৰু কেইবাটাও বিষয় উল্লেখ কৰি এখন পত্ৰ প্ৰেৰণ কৰে ।

সাংসদ গগৈয়ে ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত সৃষ্টি হোৱা অচলাৱস্থা সন্দৰ্ভত ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় । ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰে ।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ প্ৰকল্প মাজুলী-যোৰহাট সংযোগী দলংখনৰ কাম যোৱা পাঁচ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ থকাটো গভীৰ উদ্বেগৰ কাৰণ বুলি উল্লেখ কৰি দলংখন নিৰ্মাণৰ দায়িত্ব পোৱা উত্তৰ প্ৰদেশৰ ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচন লিমিটেড'-এ নির্মাণস্থলী ত্যাগ কৰাৰ ফলত কাম বন্ধ হৈ পৰাৰ খবৰ ওলোৱা বুলি মুখ্যমন্ত্ৰীয়ে পত্ৰত উল্লেখ কৰিছিল ।

উল্লেখ্য যে প্রায় ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণৰ দায়িত্ব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রণালয়ে ২০২১ চনৰ আগষ্টত 'ইউ পি ষ্টেট ব্রীজ কৰ্প'ৰেচন'ক অৰ্পণ কৰিছিল । আনহাতে, ২০১৬ চনতে দলংখনৰ আধাৰশিলা স্থাপন কৰা হয় যদিও ২০২১ চনৰ নৱেম্বৰত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই দলংখনৰ প্ৰথমটো খুঁটা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । ইফালে নির্মাণকার্য আৰম্ভ কৰাৰ কিছুদিন পাচতে মূল ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে বদ্ৰী ৰায় এণ্ড কোম্পানী নামৰ এটা প্রতিষ্ঠানক উপ-ঠিকা প্ৰদান কৰে ।

এতিয়ালৈকে দলংখনৰ মুঠ ৭১ টা খুঁটাৰ প্ৰায় ২২ টাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াৰ মাজতে ঠিকাদাৰী প্রতিষ্ঠান দুটাৰ মাজত খামখেয়ালিৰ সৃষ্টি হয় আৰু উপ-ঠিকা লাভ কৰা কোম্পানীটোৱে শ্রমিক-কৰ্মচাৰীসকলক দা-দৰমহা দিব নোৱৰাত শ্ৰমিকসকলে নির্মাণস্থলী ত্যাগ কৰাৰ ফলত যোৱা ৫ ছেপ্টেম্বৰৰ পৰা দলংখনৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ আছে ।

লগতে পঢ়ক :সলনি হ'ব যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ উপ-ঠিকা লাভ কৰা কোম্পানী: ভূৱন গাম - Jorhat Majuli Bridge Construction
লগতে পঢ়ক :যোৰহাট-মাজুলী দলঙৰ নির্মাণকার্য বন্ধ: নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীৰ পত্ৰ - Majuli Jorhat connecting bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.