গোলাঘাট , 23 এপ্ৰিল : আগন্তুক 3 মে'ত ছবিগৃহত মুক্তি লাভ কৰিব মাজুলীৰ ওপৰত নিৰ্মিত বৰনদী ভটিয়ায় নামৰ অসমীয়া ছবিখন ৷ ছবিগৃহ সমূহত অসমৰ ৰাইজে দেখা পাব কেইবাখনো নতুন মুখ ৷
ইতিমধ্যে 'ভাওৰীয়া দ্যা থিয়েটাৰ' পজিটিভ নামৰ মাজুলীৰ এটা নাট্যগোষ্ঠী, বৰনদী ভটিয়ায়ৰ পৰিচালক অনুপম কৌশিক বৰা আৰু বহু শিল্পীৰ গাঁঠিৰ ধনেৰে ছবিখনৰ চিত্ৰগ্ৰহণ সম্পন্ন হৈছে বুলি জনাই ছবি খনৰ কলা-কুশলী সকলে ৷ ইপিনে এই ছবিখনত মাজুলীৰ মানুহৰ জীৱন ধাৰণ, বানপানী আলি বিষয় আদি উপস্থাপন কৰা হৈছে বুলি কয় তেওঁলোকে৷ আনহাতে 2 ঘন্টীয়া এই ছবিখনত 150 জনৰো অধিক চৰিত্ৰয়ে অভিনয় কৰিছে ৷ কলা-কুশলী সকলে জনোৱা অনুসৰি মুখ্য চৰিত্ৰত অভিনয় কৰিছে কেইবাগৰাকীও আগশাৰীৰ অভিনেতায়ে ৷ ইপিনে ছবিখনৰ নিৰ্মাণত প্ৰায় 50 লাখ টকা ব্যয় হৈছে বুলি জনাই অভিনেতা ছবি খনৰ কলা-কুশলী সকলে ৷ ইয়াৰোপৰিও তেওঁলোকে আগন্তুক 3 ,4 আৰু 5 মে'ত ছবিগৃহলৈ ছবিখন চাবলৈ যাবলৈ ৰাইজক আহ্বান জনায় ৷