ETV Bharat / entertainment

Tunisha sharma death case: তুনিষাক হিজাব পৰিধান কৰিবলৈ বাধ্য কৰা নাছিল শ্বীজানৰ পৰিয়ালে !

author img

By

Published : Jan 2, 2023, 8:50 PM IST

ক্ৰমে জটিলতাৰ মাজত সোমাই পৰিছে অভিনেত্ৰী তুনিষা শৰ্মাৰ আত্মহত্যাৰ গোচৰ । অভিনেত্ৰীগৰাকীৰ মাতৃয়ে অভিযুক্ত শ্বীজান খানৰ বিৰুদ্ধে এটাৰ পাছত আনটো অভিযোগ উত্থাপন কৰাৰ বিপৰীতে সকলো অভিযোগ খণ্ডন কৰিছে শ্বীজানৰ পৰিয়ালে (Tunisha sharma death case Sheezan khan) ৷

Tunisha sharma death case
তুনিষাক হিজাব পৰিধান কৰিবলৈ বাধ্য কৰা নাছিল শ্বীজানৰ পৰিয়ালে !

চিটাৰা ডেস্ক, ২ জানুৱাৰী: অভিনেত্ৰী তুনিষা শৰ্মাক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত অভিযুক্ত শ্বীজন খান সম্প্ৰতি ন্যায়িক জিম্মাত আছে (Tunisha sharma death case) । শ্বীজান খানৰ ভগ্নী আৰু মাতৃয়ে সোমবাৰে এখন সংবাদমেল আয়োজন কৰি অভিনেতাজনৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নস্যাৎ কৰে আৰু ইয়াক ভিত্তিহীন আখ্যা দিয়ে । তেওঁলোকে তুনিষা হতাশাত ভোগাৰ কথা উল্লেখ কৰি তেওঁ কাম কৰিব নিবিচৰা কথা ব্যক্ত কৰে (Tunisha sharma death case update) ।

শ্বীজান খানৰ মাতৃয়ে সংবাদমেলত মানসিক অৱস্থা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি সেইকাৰণে শ্বীজন তুনিষাৰ ওচৰলৈ যোৱাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ তুনিষাৰ পৰিয়ালে তেওঁৰ মানসিক অৱস্থাক উপেক্ষা কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ তুনিষাৰ ঘৰলৈ গৈ তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও তুনিষা সক্ৰিয় নথকাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে (Tunisha sharma case update) ৷

তেওঁ সংবাদমেলত তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগহে স্পষ্টীকৰণ দিয়াৰ কথা ব্যক্ত কৰি তুনিষাৰ মাতৃ তথা কাৰো বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা নাই বুলি স্পষ্ট কৰি দিয়ে । তেওঁ লগতে তুনিষাৰ অডিঅ' ৰেকৰ্ডিং শুনাৰ কথা জানিবলৈ দিয়ে । এই অডিঅ’ ৰেকিডিঙত তুনিষাই কয় ‘‘আপুনি মোৰ বাবে বহুত অৰ্থ বহন কৰে ৷ সেয়েহে মই সকলোবোৰ আপোনাৰ সৈতে ভাগ-বতৰা কৰিব বিচাৰো, কিন্তু মই নকৰো । মোৰ কি হৈছে মই নাজানো’’ ।

শ্বীজানৰ মাতৃয়ে তেওঁলোকে কোনোদিনে তুনিষাক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰা নাছিল বুলি সংবাদমেলত সদৰী কৰে । তুনিষাই হিজাব পৰিধান কৰা ভাইৰেল ফটোখন প্ৰকৃততে তেওঁৰ ছবিৰ দৃশ্যগ্ৰহণহে আছিল বুলি তেওঁ জানিবলৈ দিয়ে । উল্লেখ্য যে, ২৪ ডিচেম্বৰত এখন টিভি ধাৰাবাহিকৰ ছেটত ওলমি থকা অৱস্থাত পোৱা গৈছিল তুনিষাৰ মৃতদেহ । তুনিষাক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত ২৫ ডিচেম্বৰত তেওঁৰ সহ-অভিনেতা শ্বীজান খানক গ্ৰেপ্তাৰ কৰা হৈছিল (Tunisha sharma death case Sheezan khan) ।

তুনিষাৰ মাতৃ ভনিতা শৰ্মাই তুনিষাৰ প্ৰাক্তন প্ৰেমিক শ্বীজান খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । শ্বীজানৰ অধিবক্তা শৈলেন্দ্ৰ মিশ্ৰাইয়ো সংবাদমেল আয়োজন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰাৰ লগতে শ্বীজানৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰিছিল । শৈলেন্দ্ৰ মিশ্ৰ আৰু শ্বীজানৰ পৰিয়ালে দাবী কৰা অনুসৰি তুনিষাৰ মাতৃ ভনিতা আৰু মোমায়েক পৱন শৰ্মাই গোচৰটোক বিপথে পৰিচালিত কৰিছে । তেওঁলোকে দাবী কৰা অনুসৰি তুনিষাৰ মানসিক অৱস্থা সুস্থিৰ নাছিল, তেওঁৰ মাতৃয়ে তেওঁক উপেক্ষা কৰিছিল (Sheezan khan family claim) ৷

লগতে পঢ়ক: Tunisha Sharma Death Case: সহ-অভিনেতা শ্বীজান খানৰ বিৰুদ্ধে তুনিষাৰ মাতৃৰ চাঞ্চল্যকৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.