ETV Bharat / entertainment

মাতৃ হ’ল কপিল শৰ্মা শ্ব’ৰ কমেডিয়ান সুগন্ধা মিশ্ৰ, স্বামীয়ে দেখুৱালে নৱজাতকৰ আভাস

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 1:32 PM IST

Sugandha-Sanket Welcome Baby Girl: পিতৃ-মাতৃ হ’ল কমেডিয়ান সুগন্ধা মিশ্ৰ আৰু ডাঃ সংকেত ভোছলে । সুগন্ধাই জন্ম দিলে এটি মৰমলগা কন্যা সন্তান । ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰিছে দম্পতীয়ে ।

Sugandha Mishra and husband Sanket blessed with a baby girl see pics
পিতৃ-মাতৃ হ’ল কমেডিয়ান সুগন্ধা মিশ্ৰ আৰু ডাঃ সংকেত ভোছলে

চিটাৰা ডেস্ক, 15 ডিচেম্বৰ : জনপ্ৰিয় কমেডিয়ান সুগন্ধা মিশ্ৰা আৰু ডাঃ সংকেত ভোছলেৰ ঘৰত আহিছে এটি নতুন আলহী । আচলতে এই দম্পতীয়ে লাভ কৰিছে পিতৃ-মাতৃত্বৰ সুখ । 35 বছৰীয়া সুগন্ধাই জন্ম দিলে এটি কণমানি মৰমলগা কন্যা সন্তান । সুগন্ধাৰ স্বামী ডাঃ সংকেত ভোছলেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে এই ভাল খবৰটো ।

এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল সুগন্ধা মিশ্ৰ-সংকেত ভোছলে

ডাঃ সংকেত ভোছলেই চিকিৎসালয়খনৰ পৰাই এটা ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অনুৰাগীক পিতৃ হোৱাৰ এই সুখবৰটো শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত সংকেতক সুখী দেখা গৈছে আৰু তেওঁ কৈছে যে মই পিতৃ হৈ পৰিছো । ইয়াৰ পিচত তেওঁ কেমেৰাটো হাস্পতালৰ বিচনালৈ ঘূৰাই দিয়ে, য’ত শুই আছিল পত্নী সুগন্ধা ৷

ইয়াৰ পিচত সুগন্ধাৰ ফালে আঙুলিয়াই কয় যে তেওঁ মাতৃ হৈ পৰিছে । ইয়াৰ পিচত সুগন্ধা আৰু সংকেতে নিজৰ কণমানিজনীৰ আভাস দেখুৱাই ৷ অৱশ্যে কন্যাৰ মুখখন হৃদয়ৰ ইমোজিৰে লুকুৱাই ৰাখিছিল । অৰ্থাৎ নৱজাতকটিৰ মুখখন দেখুওৱা নাই ৷

এই ভিডিঅ’টো শ্বেয়াৰ কৰি ডাঃ সংকেত ভোছলে কেপচনত লিখিছে, "বিশ্ব ব্ৰহ্মাণ্ডই আমাক আটাইতকৈ সুন্দৰ চমৎকাৰী আশীৰ্বাদ দিছে, আমাৰ প্ৰেমৰ প্ৰতীক...আমি এটি মৰমলগা কন্যা সন্তানৰ আশীৰ্বাদ লাভ কৰিছো । অনুগ্ৰহ কৰি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিব’’ ।

উল্লেখ্য যে, সুগন্ধা মিশ্ৰ আৰু ডাঃ সংকেত ভোছলে অক্টোবৰ মাহত ঘোষণা কৰিছিল সুগন্ধাৰ অন্তঃসত্বা হোৱাৰ খবৰ । তেতিয়াৰ পৰাই এই দম্পতীয়ে নিজৰ এই যাত্ৰাৰ ভিডিঅ’ আৰু ফটো অনুৰাগীৰ স’তে শ্বেয়াৰ কৰি আহিছে । শেহতীয়াকৈ এই দম্পতীয়ে মাৰাঠী ৰীতি-নীতি অনুসৰি বেবী শ্বাৱাৰ অনুষ্ঠানো কৰিছিল ।

ইয়াৰ সকলো ফটো আৰু ভিডিঅ’ও দম্পতীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল । প্ৰায় ডেৰ-দুবছৰৰ বিবাহৰ পিচত পিতৃ-মাতৃ হয় সুগন্ধা মিশ্ৰ আৰু ডাঃ সংকেত ভোছলে ।

লগতে পঢ়ক : Disha Parmar Baby Girl: কন্যাৰ কি নাম ৰাখিলে দিশা পৰমাৰ-ৰাহুল বৈদ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.