ETV Bharat / entertainment

KBC Season 15: কেবিচিৰ প্ৰথম খণ্ডতে অমিতাভ বচ্চনে লাভ কৰিলে এগৰাকী যুৱতীৰ পৰা সতৰ্কবাণী

পুনৰ আৰম্ভ হ’ল টিভিৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ কৌন বানেগা ক্ৰোৰপতি ছিজন 15 ৷ স্বাধীনতা দিৱসৰ পৰা আৰম্ভ হৈছে শ্ব’টোৰ প্ৰথম খণ্ড ৷ কিন্তু শ্ব’টো আৰম্ভ হোৱাৰ প্ৰথম খণ্ডতে বিগ বিয়ে লাভ কৰিলে এগৰাকী প্ৰতিযোগীৰ পৰা সতৰ্কবাণী । কিন্তু কিয় জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

KBC 15 Amitabh Bachchans reaction on the question of the use of social media by the contestants
১৮ বছৰীয়া যুৱতীয়ে অমিতাভক দিলে সতৰ্কবাণী
author img

By

Published : Aug 16, 2023, 5:43 PM IST

চিটাৰা ডেস্ক, 16 আগষ্ট: মেগাষ্টাৰ অমিতাভ বচ্চন তেওঁৰ শ্ব’ কৌন বনেগা ক্ৰোৰপতি নতুন ছিজনৰ সৈতে পুনৰ উভতি আহিছে ৷ কিন্তু শ্ব’টোলৈ উভতি অহাৰ লগে লগে মেগাষ্টাৰগৰাকীয়ে লাভ কৰিলে এটা সতৰ্কবাণী ৷ কেবিচিৰ ১৫ ছিজনৰ প্ৰথম খণ্ডটো স্বাধীনতা দিৱসৰ দিনা টিভিত আহে, য’ত ধীমাহী ত্ৰিবেদী নামৰ ১৮ বছৰীয়া যুৱতীগৰাকীয়ে অমিতাভ বচ্চনক গভীৰ নিশালৈকে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নকৰাৰ পৰামৰ্শ দি কয় যে যদি তেওঁ তেনে কৰে তেন্তে চকুৰ তলত ডাৰ্ক চাৰ্কল হৈ পৰিব ৷

হট চিটত বহি থকা অমিতাভ বচ্চনক ধীমাহীয়ে কয় যে তেওঁ মাত্ৰ আধা ঘণ্টাহে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে । কথোপকথনত ধীমাহীয়ে বিগ বিক ক’লে যে আপুনি মাজনিশাৰ পিচতো অনলাইন থাকে। আপুনি ছবিৰ বাবে শ্বুটিং কৰে আৰু এতিয়া কেবিচিৰ বাবেও শ্বুটিং কৰি আছে । তেতিয়া আপুনি ছ’চিয়েল মিডিয়া কেনেকৈ ব্যৱহাৰ কৰে ? ইয়াৰ উত্তৰত অমিতাভ বচ্চনে ধীমাহীক তেওঁৰ ছ’চিয়েল মিডিয়া পেজটো দেখিছে নেকি বুলি সুধিলে, যাৰ উত্তৰত কেবিচিৰ প্ৰতিযোগীগৰাকীয়ে কয়, মই দেখিছো যে আপুনি পুৱা ২ বজাতো পোষ্ট শ্বেয়াৰ কৰে । উত্তৰত অমিতাভে তেওঁক সুধিলে, ‘মই কিবা ভুল কৰি আছো নেকি ?

ধীমাহীয়ে ক’লে যে ‘নাই ছাৰ, কিন্তু গভীৰ নিশালৈকে মোবাইল চাই থাকিলে ডাৰ্ক চাৰ্কল হ’ব পাৰে আৰু যদি আপুনি একেবাৰে ধুনীয়া দেখিব বিচাৰে তেন্তে আৰামত শুই থাকিব লাগে সেইটো সময়ত ।’ উত্তৰত অমিতাভ বচ্চনে কয় যে যিকোনো প্ৰকাৰে তেওঁ নিজৰ অনুৰাগীৰ সৈতে জড়িত হৈ থাকিব খোজে ৷ সেয়েহে তেওঁলোকে সময় উলিয়াই দিব লগা হয়, যদি তেওঁ এই কাম নকৰে তেন্তে তেওঁৰ অনুৰাগীৰ দুখ লাগিব ।

ইয়াৰ পূৰ্বে চনী টিভিত কেবিচিৰ এটা প্ৰমো শ্বেয়াৰ কৰা হৈছিল, য’ত ধীমাহীয়ে অমিতাভ বচ্চনক কয় যে আপোনাৰ বয়স ওলোটাই দিলে যিমান হ’ব মোৰ বয়সো সিমানেই হয় । উল্লেখ্য যে এইবাৰ অমিতাভ বচ্চনে ৮১ বছৰ সম্পূৰ্ণ কৰিব । উফালে কেবিচিৰ ১৫ ছিজনক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত।

লগতে পঢ়ক: Amitabh Bachchan KBC Fees: কৌন বনেগা ক্ৰোৰপতিৰ এটা এপিচ'ডৰ বাবে কিমান মাচুল লয় অমিতাভ বচ্চনে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.